পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৃত্তিবাস পণ্ডিত।

অঙ্গদ ৰায়বৰ

ৰাগ-পত মঞ্জৰি।

সম্বোধি পাছে লঙ্কেশ্বৰ,  কাহাৰ তুই বানৰ হে,
  শুনাৱ যে ৰামৰ গোচৰ।
কাহাৰ তনয় বীৰ,  বোলন্ত গম্ভীৰ ধীৰ,
  দেখোঁ যেন পৰ্ব্বত আকাৰ॥
শুনা বাজা মূগুধ,  নাম মোৰ অঙ্গদ,
  কেন ৰাজা পুছাহ আপোন।
বালি নামে ৰাজা জান,  তাহাৰ আমি নন্দন,
  বিধিয়ে কৰিছে বিড়ম্বন॥
তোহোক ধৰি লাঙ্গুলে,  সন্ধ্যা কৈলা সাগৰত,
  তেহে তই এড়াইলি ৰাৱণ।
হৰিলি ৰামৰ নাৰী,  মজাইলিহি লঙ্কাপুৰি,
  এবে তোৰ নিকট মৰণ॥
ধাৰ্ম্মিক যে শ্ৰীৰাম,  সৰ্ব্বগুণে অনুপাম,
  তাৰ বাণে মৰিবি পৰাণে।
তোৰ হৌক নিস্তাৰ,  মোৰ হোক উপকাৰ,
  ৰামক সীতা কৰ সমৰ্পণ॥
শ্ৰীৰামৰ চোৰ হুয়া,  আমাক বোলস বেয়া,
  মাৰিয়া পঠাও যম ঘৰে।
তোহোৰ শতেক ৰামে,  কি কৰিবে সংগ্ৰামে,
  কহ গৈয়া আসোক সত্বৰে॥