গন্ধৰ্ব্বৰ কন্যা কিবা চানৰী কিন্নৰী।
কিবা দেবনাৰী নাগ কন্যা বিদ্যাধৰী॥
কোনবা মুনিৰ শাপে আইলা জন্মধৰি।
নিজ স্থানে গৈলা তাঙ্ক পাইবা কেন কৰি॥
চকোৰেও পান কৰে চন্দ্ৰৰ সুধাক।
পান কৰিবাক পাইবে কেনে তাক কাক॥
কে দিবাক পাৰে কন্যা কে নিব পাৰয়।
পূৰ্ব্ব জন্মে সেহি কন্যা তাহাকে লভয়॥
পুত্ৰৰ নিমিত্তে কন্যা বিবাহ কৰয়।
পিণ্ডৰ নিমিত্তে পুত্ৰ পণ্ডিতে কহয়॥
কেনে প্ৰাণ ছাৰ তুমি লাগিয়া ভাৰ্য্যাত।
পিণ্ড লোপ ভৈলে পিতৃ গণ হৈব পাত॥
পুৰুষৰ অনুৰাগ যিমত ভাৰ্য্যাত।
নাৰীৰ নাহিকে তেনে প্ৰীতি পুৰুষত॥
কুমুদিনী বিয়োগে ভ্ৰমৰে কান্দে ৰাতি।
চন্দ্ৰ ৰশ্মি লাগি কুমুদিনী হাসে আতি॥
গুণৱন্ত স্বামীত সন্তোষ নহে বধু।
ৰবি আগে ভৃঙ্গে পিয়ে পদ্মিনীৰ মধু॥
নাহি বিষ্ণু ভক্তি যাৰ নাৰীতে সে মন।
শোকে প্ৰাণ ছাৰে যেহি তিনি বিৰম্বন॥
পুত্ৰ ভাৰ্য্যা বন্ধু ধন সকলে সুলভ।
কেবলে মনুষ্য জন্ম জীৱন দুৰ্লভ॥
এতেকে কুমাৰ তই নিবৰ্ত্তিয়া যায়োঁ।
গৃহাশ্ৰম কৰি পাৰা পুণ্যক আৰ্জ্জিয়োঁ॥
শুনি বিদ্যাধৰে কৰিলন্ত মন থিৰ।
গঙ্গা সাগৰৰ তীৰে ৰৈলা মহাবীৰ॥
পদ্ম পুৰাণৰ আহি পুণ্য ইতিহাস।
দ্বিজবৰে পদ বন্ধে কৰিলা প্ৰকাশ॥
⸻