পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৯৪
অসমীয়া সাহিত্যৰ চানেকি ৷

শঙ্কৰ গোমস্তা বুলিলন্ত তথা,
 স্বৰূপ শুন বচন।
আমাত মাগিলা শৰণৰ থান,
 দেখাও নিয়া বিদ্যমান॥
তথা হন্তে পাচে নাওঁত চৰিয়া,
 ঘাটে নাওঁ লগাইলন্ত।
নাওঁত ৰাখিয়া তাৰা সমস্তক,
 শঙ্কৰ উঠি গৈলন্ত॥
দামোৰৰে পাছে দেখন্ত শঙ্কৰ,
 আসে হতে লোটা ধৰি।
স্নান উদ্যমে যিমতে আছিলা,
 আসিলা নাওঁত চৰি॥
দামোদৰে দেখি পুছিলন্ত কথা,
 শঙ্কৰে সমস্তে কৈলা।
বংশী দ্বিজ এক শৰণ হৈবাক,
 আপোনাৰ স্থানে আইলা॥
আপুনি শৰণ কৰায়োক দেৱ,
 স্বৰূপ বোলো বচন।
এহি কথা কহি গৃহক গৈলন্ত,
 তথাতে কৰি ভোজন॥
দামোদৰ পাছে ভকত পঠাই,
 তাসম্বাক নিয়াইলন্ত।
কথা বাৰ্ত্তা পুছি বহিবাক তথা,
 বাসাক পাছে দিলন্ত॥
যথাযোগ্যে পাছে ভোজন কৰাইলা,
 মনত সন্তোষে আতি।
পৰম সাদৰে হৰি কথা শুনি,
 আনন্দে বঞ্চিলা ৰাতি॥