পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৯৩
গুৰুলীলা ৷

সি ৰাজ্যৰু পৰা আসিলা ইথান,
 শৰণ লইব শঙ্কৰে।
পাছে যেন কথা শুনিয়োক কহোঁ,
 ভৈলা আত অনন্তৰে॥
তিনি নাও ভৰি স্বৰ্ণ আদি কৰি,
 উপায়ণ দ্ৰব্য যত।
শঙ্কৰ গোমস্তা অন্বেষণ কৰি,
 পুছিয়া আসে লোকত॥
শুনিয়ো লোকাই কোন স্থানে ঐত,
 শঙ্কৰ সাধু আছন্ত।
এহি মতে তথা সুধি যাই কথা,
 শঙ্কৰক দেখিলেক॥
পাট বাউসীক যায়া পাছে তাৰা,
 নিচিনিলা শঙ্কৰক।
স্নান কৰিবাক জলত নামিছে,
 তাত পাছে দেখিলেক॥
শুনিয়ো আতাই কোন পানে ঐত,
 শঙ্কৰ সাধু আছন্ত।
শুনি হেন বাণী কিসক পুছিলা,
 শঙ্কৰে মাতি পুছন্ত॥
কৈৰ পৰা তুমি কি কাৰ্য্যে আসিছা,
 কোৱা মোত শীঘ্ৰ কৰি।
হেন শুনি পাছে উঠি বংশীদেৱে,
 মাতিলা অতি সাদৰি॥
উত্তম পুৰুষ দেখহু তোমাকে,
 আমাত কহিয়ো সঁচা।
বংশী নাম মোৰ পূৰ্ব্বহন্তে আসো,
 তান্তে শৰণক বাঞ্চ॥

১০০