পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৮১
মহাভাৰত দ্ৰোণ পৰ্ব্ব।

যাহাক সমুখ নুহি ইন্দ্ৰ দেৱৰাজ।
ভগদত্ত বিনে মোৰ নোশোভে সমাজ॥
কাহাত কহিবো বুলি আলোচন্ত মনে।
কৃষ্ণ অৰ্জ্জুনক কোনে সম হৈব ৰণে॥

বৈশম্পায়ন বদতি শুনিয়ো জন্মিজয়।
ধৃতৰাষ্ট্ৰ নৃপতিত কহন্ত সঞ্জয়॥
এহি মতে শোকাকুলে আছন্ত নৃপতি।
দুৰ্য্যোধন ৰাজা বোলে মনে দুঃখে আতি॥

মহাবীৰ ভগদত্ত গৈলা যমালয়।
জানিলো আমাৰ আবে মিলিল সংশয়॥
ভগদত্ত ৰাজাৰ শোকত দুৰ্য্যোধন।
বিস্ময় লভিয়া পাছে কৰন্ত ক্ৰন্দন॥

সঞ্জয় বদতি শুনিয়োক নৰপতি।
প্ৰথম দিনৰ যুদ্ধ ভৈল সমাপতি॥
শুনিয়োক সভাসদ পদ ভাৰতৰ।
ৰাম ৰাম বুলি গতি সাধা নিৰন্তৰ॥

——