ভগদত্ত মুখ চাই বোলে ভীম সেন।
মোক সম বীৰ নাই তিনিও ভুবন॥
এহি বুলি ৰথৰ আগত গদা দিলা।
ছত্ৰৰ আকাৰ কৰি তুলিয়া ধৰিলা॥
উৰ্দ্ধক ক্ষেপিলা যেন তাৰা সঞ্চৰিল।
সাতবাৰ মাথাৰ ওপৰে পাক দিল॥
অনুবল দিতে কৃষ্ণে দিলা বাম হাতে।
চমূৰণে উৰুৱাইলা মাৰুতৰ পথে॥
সঞ্জয় বদতি শুনিয়োক কুৰুপতি।
দেখিয়ো ভীমৰ কেনে বলৰ শকতি॥
তিনি প্ৰহৰৰ পথ একৈক দন্তাল।
হেন সহস্ৰেক হস্তী প্ৰমত্ত বিশাল॥
হেন ৰথ গদাৰ আগত লৈলা তুলি।
উৰাই পঠাইলেক ৰথ আকাশক বুলি॥
মাৰুতৰ পথে গৈয়া পড়িল সমস্তে।
সদাই ফুৰন্ত সিতো ভ্ৰমন্তে ভ্ৰমন্তে॥
ৰথক উড়াইলা দেখি পাছে হৰ্ষমন।
থাকিলন্ত আস্ফোট কৰিয়া ভীমসেন॥
কৌৰৱৰ সেনায়ে দেখিয়া ভৈল ভয়।
পাণ্ডৱৰ সেনা সবে কৰে জয় জয়॥
সঞ্জয় বদতি শুনিয়োক কহো কথা।
ভগদত্ত বিনাশত যি ভৈল অৱস্থা॥
তোমাৰ তনয়ে মহা মনো দুঃখে আতি।
ভূমি চাই ক্ষণেক আছিলা নৰপতি॥
ৰাজায়ে বোলন্ত শুনিয়োক পাত্ৰ চয়।
অৰ্জ্জুন মনুষ্য নুহি জানিবা নিশ্চয়॥
এতেকে জানিবা যাৰ কেশৱ সাৰথি।
তাহাক জিনিবে কাৰ বাপৰ শকতি॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩৬১
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৮০
অসমীয়া সাহিত্যৰ চানেকি