পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/২৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯৯
বংশীগোপাল চৰিত্ৰ।

চক্ষুক পকাই, ক্ৰোধ কৰি চাই,
যাই পৰে প্ৰজাগণ।
বাক্য নাসে মুখে  থাকি হেঠ মাথে,
পাত্ৰ সবো কম্পমান॥
ক্ৰোধত গুঞ্জৰি চক্ষু টেৰ কৰি,
পাঞ্চিলা চেঙ্গধৰাক।
লৈয়া যাস নাও যত ভক্ত পাৱ,
ধৰিয়া আন সবাক॥
চেঙ্গধৰা যাই  শীঘ্ৰ বেগে গৈ,
নৌকায়ে আসি ঠেকিলা।
তিনিয়ো সত্ৰক ধৰিবে সৈন্যক,
ভিনে ভিনে নৌকা দিলা॥
গোবিন্দ পুৰৰ  ভক্ত ধৰি লৈলা
থানতে তাঙ্ক কাটিলা।
ধুৱা লোৰে জয় হৰি ভাৱে ধৰি,
ভকত সমে তুলিলা॥
ডেবেৰা পাৰত প্ৰাতস কালত,
পেলাইলা সত্ৰ আবৰি।
কেহো নান্তৰিল সবেযো পড়িল,
দেৱক প্ৰমুখ্য কৰি॥
চেঙ্গধৰা গৈয়া ভিতৰ পশিয়া,
দেবৰ পাৱত ধৰি।
যুগুতি কৰিলা তাহাঙ্ক এড়িলা,
কথা ভাষা বন্ধ কৰি॥
শুনা দেব বাপ প্ৰচণ্ড প্ৰতাপ,
ৰাজা যেন জানা মোৰ।
তোমাক থৈ যাই আমাৰ সি ঠাই,
মিলি জানা দুৰ্ঘোৰ॥