পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/২৭৯

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

ৰামানন্দ দ্বিজ।

বংশীগোপাল চৰিত্ৰ।

এহি তিনি থানে সত্ৰ তিনি খান,
 ভক্তৰ বিঘিনি ভৈল।
তাহাৰ কাৰণ, শুনিয়োক যেন,
 কিৰাতৰ বল ভৈল॥
অসম নৃপতি, দিলা অনুমতি,
 সুন্দৰ গোহাই যাই।
ৰণত পড়িল, খলুৱা কহিল,
 নুযুঝি আইল পলাই॥
শুনিয়া নৃপতি, ক্ৰোধ কৰি মতি,
 নপাইল কৰি বিচাৰ।
সেহি সময়তে ম্লেচ্ছ অভকতে,
 অসমৰ পৰিয়াৰ॥
গোবিন্দ পুৰত, মাগিয়া ভক্তত,
 নপাই থান সাজ পাতি।
মিছা কৰি চলে, ৰাজাত কহিলে,
 আতি কোপে ক্ৰুৰ মতি॥
সুন্দৰ গোহাইক, বেশক সলাই,
 ভকতে লৈয়া ফুৰয়।
দেখিলো সাম্প্ৰতে, ভক্তৰ মাঝতে,
 ধৰিলেক ডাঙ্গচয়॥
নৃপতি প্ৰচণ্ড, কাটি খণ্ড খণ্ড,
 কৰয় অল্প দোষত।
সিতো কথা শুনি জ্বলন্ত অগনি
 যেহেন ভৈল ক্ৰোধত॥