পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৭৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৬৬
অসমীয়া সাহিত্যৰ চানৰ্কি


শুনিয়ো সাত্যকী শুনিয়োক ভীমসেন।
ভগদত্ত বীৰে দেখা কৰিলেক কেন॥
সবাবে ৰথক বিনাশিলা বীৰবৰে।
একো বীৰ নুহে থিৰ তাহাব প্ৰহাৰে॥

দুৰ্বাৰ হস্তাক তাৰ দেখন্তে তৰাস।
তাক দেখি সেনাগণ পলাই দশেদিশ॥
হেন আলোচিয়া যেবে ৰাজা যুধিষ্ঠিৰ।
সমৰত দেখে সেনা মাৰে মহাবীৰ॥

মহাগজে বগ সৈন্য মাৰে চতুৰ্পাশে।
ধূলিয়ে ঢাকিল সবে বৰিব প্ৰকাশে॥
ভগদত্ত বাৰে মাৰে সবে সেনাগণ।
সমৰ ভূমিত সম নোহো একোজন॥

হেনয় বিক্ৰম পাই সৈন্য সমুদায়।
সমৰ এড়িয়া সবে বিভঙ্গে পলাই॥
নাহি বাদ্য ভও নাহি ধুনুৰ টঙ্কাৰ।
দশোদিশে শুনি মাত্ৰ ধৰ মাৰ মাৰ॥

নাহি চিহ্ন দণ্ড ছত্ৰ নাহি মাত বোল।
কৌৰৱৰ শুনি মাত্ৰ বিপৰীত ৰোল।
ধনুৰ টঙ্কাৰে মাৰ মাৰ কৰে ৰোল।
নানা বাদ্য বজাৱে নিশান ঢাক ঢোল॥

সসৈন্যে কৌৰৱ উৰ্ম্মি কৰে সমুদায়।
ভগদত্ত সমে পাণ্ডৱক খেদি যায়॥
সঞ্জয়ক সম্বোধি মাতয় নৃপবৰ।
শুনিয়োক গুৰু তুমি আমাৰ উত্তৰ।॥

যেবে পাণ্ডৱক ভাঙ্গই ভগদত্ত ৰণে।
সিবেলাত কৃষ্ণে সমে কি কৈলা অৰ্জ্জুনে॥
সঞ্জয় বদতি শুনিয়োক কুৰুপতি।
অৰ্জ্জুনে কৰিলে যেন শুনিয়ো সম্প্ৰতি॥