পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৭৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৬৫
মহাভাৰত দ্ৰোণ পৰ্ব্ব


বামৰ শৃগাল দক্ষিণক লাগি যাই।
অজগৰ সৰ্প আসি আগত ফোফাই॥
হেন বিমঙ্গল দেখি ৰাজা ভগদত্ত।
ইক্ষু ভাঙ্গিবাক লাগি চলে ময়মত্ত॥

মহাগৰ্ব্বে ভগদত্তে কাহাকো নগণে।
ৰথত চৰিলা বীৰ মহাকোপ মনে॥
ৰথে চৰি ধনু ভিৰি কৰে শঙ্খ ৰোল।
জয় ঘণ্টা বজায়া বিশাল ঢাক ঢোল॥

নানা বাদ্য বজায়া ৰথৰ উপৰত।
হেন মতে সমৰক গৈলা ভগদত্ত॥
যুধিষ্ঠিৰ ৰাজাক দেখিলা সমৰত।
হস্তী দন্ত দিয়া ৰথ ভাঙ্গিলা সমস্ত॥

ৰথ ভাঙ্গি সাৰথিক কৰিলা মথন।
হেন দেখি মহাগৰ্ব্বে বীৰ ভীমসেন॥
ভগদত্ত আগে ভীম উপস্থিত যায়।
মহাকোপ কৰি ভীমক অগনি পৰায়॥

আক্ৰান্ত কৰিয়া ভীম হস্তীক জঙ্কাৰি।
ভীমৰ ৰথক প্ৰতি গৈলা অনুসৰি॥
হস্তী দন্ত দিয়া উজাৰিলা ভগদত্ত।
ভীমৰ সেনাক মাৰিলন্ত সমৰত॥

হেন মতে দন্তে উজাৰিয়া খেদি যায়।
নকুল সহদেৱৰ ৰথক মহাশয়॥
আনো আনো বীৰ যত দেখিলা সমৰে।
ভগদত্ত ৰথ সেন মাৰিলা সবাৰে॥

কতো ৰথ গজ সেনা মাৰি সেহি ঠাৱে
পাণ্ডবী সেনাক খেদি মাৰে দন্ত ঘাৱে॥
ভগদত্ত বীৰৰ দেখিয়া পৰাক্ৰম।
সবাহাকে সম্বোধিয়া মাতিলেক ধৰ্ম্ম॥