পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৬২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভকতীয়া ফঁকৰা।

১। আগে উঠে গোৰে নামে কায়স্ত বোলই।
 মাজত ভৰি দিলে ককাল ভাগই॥
২। যোনি লিঙ্গ নাই তাৰ সত পুত্ৰ হই।
 মাকেৰে সতিনী খাতি কুলক ৰাখই॥
৩। কথা শুনুতে লাগে ভই।
 ভকতক মাৰি ভকতে খাই।
 এই কথা পাবলৈ নাই॥
৪। মৰাই জীয়াই নহবা কথা।
 আপুনি মৰিবা লোকৰো খাবা মাথা॥
৫। মৰাই মৰাই হবা কথা বতৰা।
 তেহে চিনিবা আপোন ভতৰ৷॥
৬। গুৰুক মাৰিবা গৰুকো মাৰিবা অতিথিক নিদিবা ঠাই।
 ভাল ভাল ভকতক টঙ্গনিয়াই মাৰিবা এতেকে হৰিক পাই॥
৭। ভকতে কৰে লুটিয়ালুটি।
 সংসাৰী মৰে চকু ফুটি॥
৮। চোৰ ডকাইতৰ নেৰিবা সঙ্গ।
 তেহে মনৰ মিলিব ৰঙ্গ॥
৯। মোৰ আগত লচপচ কৰি নেদেখাবি হিয়া।
 গাহে দেখিছা লেৰেলা মোক, কেতিয়াও নকৰাও বিয়া॥
১০। পোকৰে খাই মুখে হাগে।
 সেই দ্ৰব্য গোঁসাইত লাগে॥
১১। জেওৰাই গিলিলে বাৰি, গোহালিয়ে গিলিলে গৰু।
 গিদৰ নোমেৰে, গোসাই সেৱা কৰে নুবুজা যদি তুমি হে হবা সৰু॥
১২। এনে দেখা শুনা নাই।
 মাক নওপজোতে জিয়েকে লৰা পাই॥
 ভকত ভিক্ষা দিওঁ লোৱা।
 দহ সঙ্গীয়া ভেকোলা মৰি আছে তাৰ কথাকোৱা॥