সঙ্গী। জিহ্বায় ও বৰুণে সঙ্গী। হস্তে ও ইন্দ্ৰে, পদে ও বিষ্ণুয়ে, গুহ্যে ও মিত্ৰে লিঙ্গে ও প্ৰজাপতিয়ে, চিতে ও বাসুদেবে, মনে ও চন্দ্ৰে, বুদ্ধি ও ব্ৰহ্মায়, অহঙ্কাৰে ও ৰুদ্ৰে, প্ৰকৃতি ও মহাতত্ত্ব এই মতে সঙ্গী হৈ আছে।
নিবিৰ সেৱাৰ দ্ৰব্যাদি শুনা-প্ৰকৃতি সানিদ্ৰ মহততে নিষ্পৰ্ণ চক্ষুয়ে গাছা আদিত্যে বাতি, কৰ্ণে আসন, দিশে ধুপ, অশ্বিনী কুমাৰে চন্দন, বাক্যে কৰণ্ডি হুতাশনে পুষ্প, চৰ্য্যে কৰণ্ডি। বায়ুয়ে পাণ। জিহ্বায় কৰণ্ডি, বৰুণে চূণ, হস্তে কৰণ্ডি, ইন্দ্ৰে তাম্বুল, পদে অগ্নি, বিষ্ণুয়ে প্ৰসাদ, গুহ্যে আসন, মৃথুয়ি কল, লিঙ্গ ঠগা, প্ৰজাপতিয়ে দেবে আদা গাজি ও লবণ, এহিমতে পঞ্চতত্ত্ব একে পূৰ্ণে মিলিছে। দুই জনীয়া ও তিনি জনীয়া সঙ্গী কৰি আছে। চক্ষুয়ে গাছা, চৰণে চাতি, অচলা পুৰুষৰ ধূলায় শিহা, সন্তমণি ঈশ্বৰৰ কৃপায় তেল, আদিত্যে বাৰুণী বাড়ি। ব্যাপক ঈশ্বৰ যি নাম লবে, সেই অগ্নি, পূৰ্ণব্ৰহ্ম আদিত্য স্বৰূপে প্ৰদীপ হুয়া আছে ইহাকে ছয় জনীয়া সঙ্গ বোলে। আসনে ও ধুপে ও অগ্নি তিনে, সঙ্গী।
আসনে চন্দনে দুয়ে সঙ্গী। কৰণ্ডি পুষ্পে দুয়ে সঙ্গী। কৰণ্ডি ও তামুল পাণ ও চূণে সঙ্গী। এহি তিনি জনে যুথু একত্ৰে কৰে, এতেকে প্ৰাণ সঙ্গী বোলে, ঠগিয়ে প্ৰসাদে দুই সঙ্গী। আসনে কলে দুই সঙ্গী। ঠগি প্ৰসাদ ও আদা লৱণ, এই চাৰি সঙ্গী। ইত্যাদি পূৰ্ণ ব্ৰহ্মায় হৈছে।
পঞ্চ মহাভূতৰ আসন কহোঁ শুনা। ৰক্ত মাংসৰ মাঝে ৰস বহিছে। মাংস ভৰি নাৰীৰ মাঝে শব্দ ৰহিছে। ইৰা ও পিঙ্গলা—নাৰীৰ বিন্দু ৰহিছে। হেথ কমল নাৰীৰ মাঝে স্পৰ্শ ৰহিছে। এহি স্বৰূপে পূৰ্ণ ব্ৰহ্ম সৎসঙ্গতে আছে। আকাশ ৰহিছে নাভি পদ্মঁত। বায়ু ৰহিছে চন্দ্ৰমণ্ডলত। অগ্নি ৰহিছে কুণ্ডলী ধৰণী নাৰীৰ মাঝে। পৃথিবী ৰহিছে ক্ষুদ্ৰ ব্ৰহ্মাণ্ড হুই। এহি পঞ্চ আসন একে পূৰ্ণে ব্ৰহ্মে সূত্ৰক স্বৰূপে হই আছে॥
⸻