পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭৪
অসমীয়া সাহিত্যৰ চানেকি।

শুন সখি! বচন স্বৰূপ।
কি কহৰ ৰামক ৰূপ।
শ্যাম মূৰুতি পীতবাস।
ঘনে যথ বিজুৰী বিকাশ॥

মস্তক ছত্ৰক বেশ।
নীল আকুঞ্চিত কেশ।
ৰুচিকৰ কৰ্ণ অতুল
নাসা নীল তিলফুল॥

বদন ইন্দু পৰকাশ।
অৰুণ অধৰ মন্দ হাঁস।
ওতিম দশনক পান্তি।
মাণিক ঝিক মিক কান্তি॥

মদনক ধনু ভ্ৰূভঙ্গ।
ভুজ যুগ বলিত ভুজঙ্গ॥
নয়ন পঙ্কজ নৰ পাতা।
কৰতল উতপল বাতা॥

অঙ্গুলি ললিত অমোল।
নখচয় চান্দক তুল।
সুন্দৰ উদৰ কটি স্কন্ধ।
শোহে সিংহক বন্ধ॥

উৰু কৰী-কব নিৰমাণ।
চৰণ কমল-কোষ শ্যাম॥
পদতল ৰাতুল কান্তি।
ধ্বজ যথ পঙ্কজ পান্তি॥

মানুষ ঐসন ৰূপ।
নাহি মোহি কহিলোঁ৷ স্বৰূপ।
নবীন বয়স সুকুমাৰ।
নাৰায়ণ অংশ অৱতাৰ॥