পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৯
ভটিমা


হাসি সভাষিত কৰোঁ‌ বহু থিৰ।
মল্ল নৃপতি সম নাহিকয় বীৰ॥
কাশী বাৰানসী গৌড় পৰ্য্যন্তে।
মল্ল নৃপতিক সব মহিমা কহন্তে॥

পায়া ঘোটক দেশ অশেষ।
ভাট সকলে গুণ গাৱে নিশেষ॥
আপন মন বাঞ্ছিত সকলহি পাই।
আনন্দে মল্ল বিলাস গাই॥

ঐসন নৃপতি কবহোঁ‌ নাহি পেখি।
উদয় গিৰিত যৈসে সূৰ্যক দেখি॥
সভা ৰঞ্জত যৈসে দেৱতা সমাজ।
স্বৰ্গক মধ্যে যৈসে দেৱৰাজ॥

এসব গুণ কহে পশ্চিম মাঝে।
তাহেক শুনল পাৎশা সমাজে॥
উমৰা সৱক আনিয়ে বাত বোল।
এতি বেৰি গাডাৰা ঘাট মাৰিয়ে তোল॥

পাঠান সকলে যদি বিলাসিত হোই।
ওৱা হোৱা পাশা পেখি নাহি কোই॥
যৈসে ৰাহু গৰাসিত সূৰ।
আৱত পাঠান তেজি নিজ পুৰ॥

পাঠান সকলে কহে, গাডাৰা ঘাট মাৰি যাঞূ
হাৰাম বাম হাতে কটীয়া খাঞূ।
যুদ্ধ লাগৱল আতি বড় টানে।
খেদল ছেদল পলাৱল প্ৰাণে॥

পুনৰপি ওমৰা সকল সব আৱে।
গলায়ে পাটুকা বান্ধি শৰণ সোমাৱে॥
মূৰুখ শঙ্কৰ নজানে সকল।
জয় মল্ল নৃপতিক চৰণ যুগল॥

২২