পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অসমীয়া সাহিত্যৰ চানেকি।


৫। আমাৰ আইটী শুব,
বাপেক আহি কলা ৰুব।
ঠোক মেলিব খাব॥

৬। গা হেলি মেলি কৰিছে আইদেৱৰ
হল শয়নৰে বেলি।
চকু তিৰে বিৰে কৰিছে আইদেৱৰ।
লোৱাহি পাটীতে লেটি॥

৭। কাণকাটী এ নাহিবি বাতি।
তোৰে কাণে কাটি লগামে বাতি॥
কাণকাটীৰ মূৰতে মৰুৱা ফুল।
কাণকাটী পালেগৈ ৰতনপুৰ॥

৮। বাপুকণ ধুনীয়া পাটৰে চুৰিয়া,
মুৰত হেঙ্গুলীয়া ছাতি।
বাটৰ বাটৰুৱাই, ৰৈ ৰৈ শুধিছে,
কোনে বিষয়াৰে নাতি॥

নাতিৰ নাতি জপনাৰ কাঠি,
লৰালে মাখুন্দী হাতী।
আমাৰ বাপু শুইছে গধূলী বেলিকা,
নাহিবি কাণখোৱা ৰাতি॥

৯। ধেনু চাৰি মইনা মোৰ গুচাইলেক আঁত।
ৰদ পাই জিলিকিছে মুকুতাৰে দাঁত॥
লৈ থৈছো দুগ্ধ থৈছো থৈছো আৰু লাৰু।
শুবৰ শয্যা পাৰি থৈছো তাতে থৈছো গাৰু॥

১০। কাণখাঁতী এ নাহিবি ৰাতি।
তোৰে কাণে কাটি লগামে বাতি॥
কাণখাঁতীৰ মুৰতে মৰুৱা ফুল।
কাণখাঁতী পালেগৈ ৰতনপুৰ॥