পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ধাই-নাম।

১১৷ বাপা এ নলাবি ৰাতি  বাটতে জলিছে ষোলটা চাতি।

চাতি জলক বন্তি জলক,

  পোহৰ নহয় ভাল॥

বিয়াৰ সময় মহলা দিলি

 পোহৰ হৰ ভাল।

১২৷ আজিৰো চানা মাই,  কালিৰো চানা মাই,

 চানা মাই তীঁয়হৰ জালি।

আজি কালি কৰি,  চানা মাই ডাঙ্গাৰ হল,

 বিবাহৰ বাতৰি পালি।



(খ) লৰা নিচুকোৱা নাম।

১৷ যশোদা মাও মাথনি থোৱাঁ।  কৃষ্ণাই কান্দিছে কোলাতে লোৱাঁ॥

২৷ বতাহতে হালে জালে চন্দনৰে চৰা। শৰাইতে বাগৰি কান্দে, আইদেৱৰ লৰা॥

৩৷ আমাৰ মইনা সৰু,  ৰাখে বড় বড় গৰু  এছাৰি হেৰুৱাই কান্দে এ। লোকৰ ধানে খাব,  কিলাৰ কোবাব

 ঘৰলই আনিবা গৰু এ॥

৪৷ নেকান্দিবা সৰু আইটী নিছিঙ্গিবা মণি।

সত্যে সত্যে বিয়া দিমে মাধৱক আনি॥

৫৷ জোন কাকা এ আহ আহ। ভাত দিম মাছ দিম। ছাঙ্গৰ তলত বাহা দিম (আমাৰ) বাপাৰ মূৰত টুপুৰ কৈ পৰ॥

৬৷  নেকান্দি, নেকাটিবা,

 নকৰিবা ৰোহ।

 সত্যে সত্যে গুণৱৰ্তী,  এড়ি নেযাওঁ, তোক॥