পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৪৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫৫
অৰণ্যকাণ্ড।

অনেক বিচিত্ৰ কথা ৰামে সমে কৈলা।
মানুষী গুচিয়া তাই বিদ্যাধৰী ভৈলা॥
স্বৰ্গ হন্তে আইলা এক দিব্য যে বিমান।
পাচে প্ৰণমিলা তাই শ্ৰীৰাম চৰণ॥
চৰণৰ ধূলি লৈলা কৰি বহু মান।
বিমানত চৰি গৈলা অম্ৰাৱতী প্লান॥
ধৰি দিব্য ৰূপ তাই স্বৰ্গে চলি যাই।
হৰিষে থাকিলা চাই ৰঙ্গে দুই ভাই॥
পাচে প্ৰভু চলি গৈলা চম্পা সৰোবৰে।
চতুৰ্পাশে আছে পুষ্প ফুটি জাতিস্কাৰে॥
অশোক বকুল বেল কুন্দ নাগেশ্বৰ।
কদম্ব কেতেকি চম্পা মালতি মন্দাৰ॥
ফুটিছে মালতি গুটি পুষ্প মনোহৰ।
আনন্দে প্ৰচুৰ আমোদিত গন্ধে তাৰ॥
সূৰ্য্যৰ কিৰণ সম জলে পুষ্প ৰাতি।
স্থল পদ্ম প্ৰকাশয় ঘোষে দিন ৰাতি॥
বনৰ দেখিয়া জোতি ৰাম তুষ্ট ভৈলা।
ফুৰি ফুৰি চাহি ৰাম বিয়ামোহ হৈলা॥
লক্ষণে বোলন্ত প্ৰভু থিৰ কৰা মন।
আপুনি ঈশ্বৰ হুই হৰাইলা জ্ঞান॥
কৱন্ধে কহিলা বাত্ৰা আসন্তে পথত।
পুষ্প গন্ধে বিয়ামোহ ভৈলা কেন মত॥
লক্ষণৰ বাক্যে ৰামে পাইলন্ত সুমৰি।
দুই ভাই চলি গৈলা ঋষ্যমুখগিৰি॥
ঋষ্যমুখে দেখিলা বানৰ পঞ্চজনে।
ৰামৰ চৰণ সেবি দুৰ্গাবৰ ভনে॥

 অৰণ্যকাণ্ডে সীতাহৰণ সমাপ্তঃ।