পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৪৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫৪
অসমীয়া সাহিত্যৰ চানেকি।

পদ

কৱন্ধ গন্ধৰ্ব্বে বোলে শুনা ৰঘুৰাই।
সীতাৰ উদ্দেশ কহো শুনা দুই ভাই॥
পূৰ্ব্বৰ দিশক লাগি চলা ৰঘুবৰ।
কতোদূৰে দেখিবাহা চম্পা সৰোবৰ॥
ঋষ্যমুখ পৰ্ব্বতৰ সমীপৰ কাষে।
পাঞ্চজন দেৱ যে বানৰ ৰূপে আছে॥
সুগ্ৰীৱ যে নল নীল বীৰ হনুমন্ত।
ভালুকৰ অধিপতি বৃদ্ধ জাম্বুৱন্ত॥
সুগ্ৰীৱৰ ভাই আছে তাৰ নাম বালি।
কনিষ্ঠক দেশ হন্তে খেদাইলা নিকালি॥
পাঞ্চজন বানৰক ৰাজ্য খেদি পাচে।
কনিষ্ঠৰ ভাৰ্য্যা বলে কাৰি লৈই আছে॥
বৰ ভাইত যুদ্ধ হাৰি আছে পৰ্ব্বতত।
তেহে সমে সত্বৰে কৰিয়ো মিত্ৰৱত॥
ৰাবন্নাক বধা পশি লঙ্কাৰ ভিতৰ।
তযু পুণ্য ৰূপ কীৰ্ত্তি হওক বিস্তাৰ॥
এহি বুলি গন্ধৰ্ব্ব আকাশে চলি গৈলা।
জয় ৰাম নাম মুখে মুখে গান গাইলা॥
পাচে ৰাম লক্ষণ চলিলা দুই বীৰ।
চম্পা নামে সৰোবৰ পাইলা তাৰ তীৰ॥
বহল নিৰ্ম্মল জল ফটিক সাক্ষাত।
হংস চক্ৰবাক সবে ক্ৰীৰে পৰি তাত॥
ফুটিছে কমল ফুল গন্ধে বহু দূৰ।
চিত্ৰ বিচিত্ৰ যে তাত দেখি মনজুৰ॥
তাহাৰ তীৰত এক আছন্ত সৰ্ব্বৰি।
পৰম পৱিত্ৰ সিদ্ধ বৃদ্ধ হন্ত নাৰী॥
ৰামক দেখিয়া প্ৰণামিলা দণ্ডৱতে।
পাচে পৰিচয় ভৈলা শ্ৰীৰাম সহিতে॥