পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৩
দেৱজিত

তীখাল চোখাল মহেশৰ দিব্য শৰ।
অৰ্জ্জুনৰ হিয়াত পৰিল দৃঢ়তৰ॥ ৮০৬
আৰু পাঞ্চ হাজাৰ হানিলা সেহি ছেগে।
অৰ্জ্জুনৰ হিয়াত পৰিলা বৰ বেগে॥
মহেশৰ শৰক সহিয়া অবিকলে।
নহালিলা মেৰু যেন বায়ুৰ আন্দোলে॥ ৮০৭
সেহি মতে অৰ্জ্জুন থাকিলা ৰথে চৰি।
পৰ্ব্বতৰ মধ্যে যেন মহা মেৰু গিৰি॥
নিৰ্ভয় নিঃশঙ্ক পাণ্ডুপুত্ৰ ধনুৰ্দ্ধৰ।
লীলায় যুঁজন্ত যেন মত্ত সিংহবৰ॥ ৮০৮
সেহি মতে সমৰ কৰন্ত ধনঞ্জয়।
অৰ্জ্জুনৰ কৰ্ম্ম দেখি মহেশৰ ভয়॥
মোহোৰ প্ৰহাৰে আৰ নকম্পে শৰীৰ।
ত্ৰৈলোক্যবিজয় ইটো জানো মহাবীৰ॥ ৮০৯
বজ্ৰৰ সন্ধানে মোৰ পৰে শৰচয়।
কিঞ্চিতো নকম্পে বীৰ পাণ্ডুৰ তনয়॥
এহি বুলি ক্ৰোধে জ্বলি গৈলা মহেশ্বৰ।
পিনাকত যুৰিলন্ত চয় ব্ৰহ্মশৰ॥ ৮১০
ব্ৰহ্মমন্ত্ৰ পঢ়ি প্ৰহাৰিলা মহেশ্বৰে।
ব্ৰহ্ম-অস্ত্ৰ চলি যায় গগন ভিতৰে॥
বিধূম অগনি জাকে জাকে বাজ হুই।
দশোদিশ ঢাকিয়া বহয় যেন জুই॥ ৮১১
আকাশৰ মেঘগণ কৰিয়া নিৰ্জ্জন।
মহাবেগে ধাই আসে শঙ্কৰৰ বাণ॥
অৰ্জ্জুনে দেখন্ত ব্ৰহ্মবাণ আসে চানি।
চয় ব্ৰহ্মবাণ বীৰে পঠাইলেক হানি॥ ৮১২
আকাশে চলিলা অৰ্জ্জুনৰ ব্ৰহ্মবাণ।
হৰশৰ আকাশতে কৰিলা নিৰ্য্যান॥
হৰশৰ বিনাশিয়া ছয় ব্ৰহ্মশৰ।
বৰ বেগে পশিলন্ত তূণে অৰ্জ্জুনৰ॥ ৮১৩