পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৯২
অসমীয়া সাহিত্যৰ চানেকি।

অমোঘ শৰৰ কথা কহন নযায়।
আকাশৰ পৰা বায়ু বেগে গৈলা ধাই॥
হৰৰ হিয়াত পৰি পিঠি বাজ ভৈলা।
সাগৰত স্নান কৰি শীঘ্ৰ বেগে আইলা॥ ৭৯৯
অৰ্জ্জুনৰ তূণত পশিলা বেগে শৰ।
ইন্দ্ৰসমে দেখি পাচে ত্ৰিদশৰ ডৰ॥
হৰৰ মনত বৰ বিস্ময় লাগিলা।
অযুত নিযুত শৰ প্ৰহাৰিবে লৈলা॥ ৮০০
আৰু প্ৰহাৰিলা হৰে কোটি দিব্য শৰ।
স্বৰ্গসমে পৃথিবী ভৈলেক একাকাৰ॥
অৰ্ব্বুদ নিৰ্ব্বুদ শৰ প্ৰহাৰিলা খঙ্গে।
দেখি সুৰ নৰ মুনি পলায় বিভঙ্গে॥ ৮০১
দিবসতে ৰাত্ৰি ভৈলা ঘোৰ অন্ধকাৰ।
নবহে পবন নাহি ৰবিৰ সঞ্চাৰ॥
ক্ষণেকে অৰ্জ্জুনক শৰে অদৃশ্য কৰিলা।
সাগৰ পৰ্ব্বত মহী সকলে কম্পিলা॥৮০২
ব্ৰহ্মাণ্ড ভিতৰে সবে ভৈলা শৰময়।
ব্ৰহ্মা আদি দেৱগণ ভৈলন্ত বিস্ময়॥
হেন দেখি অৰ্জ্জুনৰ নসহিলা তনু।
বাম হাতে ধৰিলা শাৰঙ্গ নিজ ধনু॥ ৮০৩
দিব্য ক্ষুৰপতি এক কোটি শীঘ্ৰে আনি।
শাৰঙ্গ আজুৰি বীৰে পঠাইলেক হানি॥
মনোজয় বেগে শৰ চলে শীঘ্ৰ কৰি।
আকাশতে সিয়ো শৰ পেলাইলা সংহৰি॥ ৮০৪
দশো দিশে অৰ্জ্জুনে হানিলা শৰচয়।
হৰশৰ বিনাশ কৰিলা ধনঞ্জয়॥
আকাশ গগন মহী কৰয় প্ৰসন্ন।
দিশ যে বিদিশ ঢাকি বহয় পৱন॥ ৮০৫
অস্ত্ৰছন্ন দেখি ক্ৰোধে জ্বলিলন্ত হৰ।
অৰ্জ্জুনক শঙ্কৰে হানিলা কোটি শৰ॥