পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮৮
অসমীয়া সাহিত্যৰ চানেকি।

বিধাতা আমাৰ দুখ লেখি আছে কত।
অৰ্জ্জুনৰ শৰে যে মহেশ ভৈলা হত॥
অনাথা লোকক কোনে কৰিবেক ত্ৰাণ।
হা বিধি আমাৰ যে উৰি গৈলা প্ৰাণ॥ ৭৬৯
এহি বুলি দেৱে কৰে হাহাকাৰ বাণী।
অল্পসত দেৱগণ পলাই দিশ চানি॥
কতো বেলি চেতন লভিলা ত্ৰিনয়ন।
অৰ্জ্জুনক গৰ্জ্জি হৰে বুলিলা বচন॥ ৭৭০
মই অচেতন ভৈলোঁ তোহোৰ যে ৰণে।
তোহোৰ সমান বীৰ নাহি ত্ৰিভুবনে॥
পূৰ্ব্বে ব্ৰহ্মা বুলি আছে মোহোক বচন।
অৰ্জ্জুনৰ সম তুমি নহা ত্ৰিনয়ন॥ ৭৭১
ব্ৰহ্মাৰ বচন মিলিলেক সাৰে সাৰ।
তথাপি কৰিবো মই তোহোক সমৰ॥
এহি বুলি হৰে পাচে ক্ৰোধত জ্বলিলা।
একশত ব্ৰহ্মবাণ গুণত জুৰিলা॥ ৭৭২
মন্ত্ৰ পঢ়ি মহাদেৱে প্ৰহাৰ কৰিলা।
জাজ্বল্য সমান হই আকাশে চলিলা॥
দশোদিশ আকাশ চলিয়া বেগে যায়।
প্ৰলয়ৰ বহ্নি যেন দেখি লাগে ভয়॥ ৭৭৩
সুৰ মুনি সিদ্ধ সৱে ভাগিয়া পলায়।
এহিমতে ব্ৰহ্মশৰে অৰ্জ্জুনক ধায়॥
ব্ৰহ্মবাণে খেদি আসে দেখিলা অৰ্জ্জুন।
শাৰঙ্গ ধনুক বীৰে ধৰে ক্ৰোধ মন॥ ৭৭৪
একশত ব্ৰহ্মবাণ আনিলা অৰ্জ্জুনে।
শাৰঙ্গৰ গুণে জুৰিলন্ত ক্রোধ মনে॥
মন্ত্র পঢ়ি ধনঞ্জয় কৰিলা প্ৰহাৰ।
আকাশে চলিলা শৰ বিদ্যুৎ সঞ্চাৰ॥ ৭৭৫
বজ্ৰৰ সন্ধানে অৰ্জ্জুনৰ শৰ পৰি।
ক্ষণেকে ৰুদ্ৰৰ শৰ পেলাইলা সংহাৰি॥