পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮৯
দেৱজিত।

মহেশৰ শত ব্ৰহ্মবাণ কৰি ছন্ন।
পুনু অৰ্জ্জুনৰ বাণ পশিলন্ত তূণ॥ ৭৭৬
হেন দেখি মহেশৰ ক্ৰোধ গৈলা জ্বলি।
দিব্য দশ শৰ প্ৰহাৰিলা হোঁহ বুলি॥
অৰ্জ্জুনৰ হিয়াত পৰিলা দশ শৰ।
নিঢালে পৰিলা বীৰ পাণ্ডুৰ কুমাৰ॥ ৭৭৭
মাধৱক হানিলন্ত দিব্য শৰচয়।
শৰজালে মাধৱে দেখিলা তমােময়॥
কতো বেলি চেতন লভিলা ধনঞ্জয়।
মাধৱক দেখিলন্ত শৰে তমোময়॥ ৭৭৮
মহেশৰ শৰে কৃষ্ণ ভৈলা জৰ্জ্জৰিত।
হেন দেখি ক্ৰোধত জ্বলিলা পাণ্ডুসুত॥
লক্ষ শত অযুত হাজাৰ শৰচয়।
সন্ধানে ভেদিলা বীৰে হৰৰ হৃদয়॥ ৭৭৯
আৰু দিব্য ক্ষুৰপতি ধনঞ্জয়ে আনি।
শাৰঙ্গৰ গুণে জুৰি পঠাইলেক হানি॥
আকাশে চলিলা শৰ বিধূম অগনি।
দহিবে খোজয় যেন প্ৰলয়ৰ বহ্নি॥ ৭৮০
শঙ্কৰৰ হিয়ে পৰি পিঠি বাজ ভৈলা।
দেৱতাক লাগি শৰে সেহি মতে ধাইলা॥
কাটি ছিঙ্গি শৰ পাত পাতালে পশিলা।
সাগৰত স্নান কৰি সেই স্থানে আইলা॥ ৭৮১
অৰ্জ্জুনৰ তূণত পশিলা আসি বাণ।
হেন দেখি ৰুদ্ৰ পাচে ক্ৰোধে কম্পমান॥
মহেশ বদতি শুনা হাওৰে অৰ্জ্জুন।
তোক মাৰি খেদাওঁ আজি যমৰ কাৰণ॥ ৭৮২
অনেক দেৱক ৰণে কৰিলিহি ছন্ন।
সম্মুখ সমৰে বেটা মোক কৰ ৰণ॥
ইন্দ্ৰ আদি দেৱতাক নকৰিলি ভাল।
দেৱক মাৰিয়া তই হৈবি দিগপাল॥ ৭৮৩