পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৭৭
দেৱজিত।

নামক কৰিয়ো ধন নামেসে জানিবা প্ৰাণ
নামকেসে কহে শাস্ত্ৰগণে।
অষ্টাদশ পুৰাণত ভাগৱত কহে যত
তৰি্বে নপাৰে নাম বিনে॥ ২১২,
ধন জন অৰ্ধচয় জানা সবে মায়াময়
সমন্তে বস্তুক তেজি অতি।
সি সৱক পৰিহৰি হৰি নাম খাণ্ডা ধৰি
পেলায়োক মোহ-জৰি কাটি॥ ৫
মাধৱে ভণিলা পদ শুনা সৱে সভাসদ
এৰি সৰ্ব্বজনে আন কাম।
পাপ সৱ হৌক নাশ বৈকুণ্ঠত পাইবা বাস
ডাকি সৱে বোলা ৰাম ৰাম॥ ২১৩

ডাকে জানি গৰ্ব্ব নকৰিয়া একো প্ৰাণী।
পুত্ৰ ধন জন সৱে মায়াময় জানি॥
দেৱতো অধিক ইতো মনুষ্য শৰীৰ।
এতিক্ষণে পৰে কেহোঁ তাৰ নাহি থিৰ~॥ ৫৭২
অনেক জন্মৰ মহা পুণ্য ধন দিয়া।
মনুষ্য শৰীৰ নৌকা আছাহা কিনিয়া॥
মহাভয় সাগৰক তৰিবাক প্ৰতি।
যা্ৱে নতু ভাগে ভৰা তাৱত সম্প্ৰতি॥ ৫৭৩
একাদশ, ইন্দ্ৰ, নতু হোৱন্ত বিফল।
যাৰ নকৰয় ব্যাধি শৰীৰ দুৰ্ব্বল॥
তেৱে কৃষ্ণ কথা কৰা শ্ৰৱণ কীৰ্ত্তন।
মুকুতি সুখক প্ৰতি যাৰ আছে মন॥ ৫৭৪
মহাপুণ্য পদ ৰচি্লোহোঁ দেৱজিত।
আক শুনি তৰা সৱে দুৰ্ঘোৰ কলিত॥
দেৱজিত পদক শুনিয়ো সৰ্ব্বজন।
দেৱজিত শুনি কৰা বৈকুণ্ঠে গমন॥ ৫৭৫
যি সৱ কথাত আৰু আছে গুণ নাম।
সি সৱ কথাক ভজা নকৰি বিশ্ৰাম॥