পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৭৬
অসমীয়া সাহিত্যৰ চানেকি।

হেনয় কৃপালু কৃষ্ণ ত্ৰৈলোক্যতে সাৰ।
কৃষ্ণে পিতা মাতা জানা জগত আধাৰ॥
কৃষ্ণসে ৰাখিয়া আছে সবাৰে জীৱন।
যেন বায়ু অবিহনে সবাৰে মৰণ॥ ১৭৭
এতেকে নামক নেৰে সাধু সব নৰে।
তেবেসে তৰি্বা ঘোৰ সংসাৰ সাগৰে॥
সাৰ কৰি ধৰা সবে আমাৰ সন্মত।
মহা পুণ্য পদ ৰচিলোঁহো দেৱজিত॥ ১৭৮
অৰ্জ্জুন ইন্দ্ৰৰ যুদ্ধ দেৱজিত পদ।
আকে শুনি সভাসদ খণ্ডিয়ো আপদ॥
কৃষ্ণৰ যে ঘশ নাম পাপ বিমোচন।
মাধৱে ৰচিলা পদ শুনা সুশোভন॥ ১৭৯
হেনয় পদক শুনিয়োক সৰ্ব্বজন।
তেবেসে কৰিবা সবে বৈকুণ্ঠ গমন।
হেন জানি নামক খৰিয়ো দৃঢ় কৰি।
ধন জন দেখা যেন সবে ছাইৰ জৰী॥ ১৮৯
দেহা নতু নপৰন্তে কালে নতু গিলে।
ধন জন জীৱন যৌবন একেতিলে॥
হেন জানি মাধৱ-চৰণে দিয়া চিত।
তেৱেসে তৰিবা সুখে দুৰ্ঘোৰ কলিত॥ ১৮১
ৰাম নাম লৈয়ো সৱে দৃঢ় কৰি মন।
তেৱেসে ভৰিবা সুখে ৰমৰ কাৰণ।
আকে জাৰি নৰ নাৰী এৰি আন কাম।
পাতক চাৰোক ডাকি বোলা ৰাম ৰাম॥ ১৮২

সুখে দুখে সুখ ভৰি সদায় ঘুৰিয়ো হৰি
সুখে লৈ বৈকুণ্ঠত বাস।
তেৱে চক্ৰ সুদৰ্শন ৰাখিলন্ত সৰ্ব্বক্ষণ
পাপক কৰিব সৱে নাশ॥