পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৭৫
দেৱজিত।

মাধৱে বোলন্ত কিয় নিন্দে দুৰাচাৰ।
ইন্দ্ৰক কৰিবো আজি দুৰ্ঘোৰ সমৰ॥ ৪৪
সাগৰৰ ভাৰ্য্যা হৰি নিলা পুৰন্দৰ।
সাগৰক দিবো অঙ্গীকাৰ ৰাখি মোৰ॥

দেখিয়ো কৃষ্ণৰ কেনে যোগমায়া বল।
ইন্দ্ৰ অৰ্জ্জুনৰ কেনে লগাইলা কন্দল॥
পিতৃৰ পুত্ৰৰ দেখা ভৈলা ঘোৰ ৰণ।
গৰ্ব্বমদে অন্ধ জলে বিবৰ্ণ বদন॥ ১৭১
মৰণতোধিক পাচে ভৈলা সুৰপতি
দেখিয়ো কৃষ্ণৰ কেনে অনন্ত শকতি॥
আকে জানি গৰ্ব্ব নকৰিবা একোজন।
তিলমাত্ৰা গৰ্ব্ব নসহ্ন্ত নাৰায়ণ॥ ১৭২
এতেকে নামক লোৱা সৱে সাধুজন।
কৃষ্ণৰ চৰণে লৈয়ো সত্বৰে শৰণ॥
তপ জপ যজ্ঞ দান জানা তীৰ্থ ব্ৰত।
অপ্ৰয়াসে সিজে সবে নামৰ লগত॥ ১৭৩
হেন ৰাম নাম যিটো লৱে একবাৰ।
কোটি কোটি পুৰুষক কৰয় উদ্ধাৰ॥
নামতে আছন্ত পূৰ্ণ ব্ৰহ্ম নাৰায়ণ।
এতেকে নামক নেৰে ব্ৰহ্মা ত্ৰিনয়ন॥ ১৭৪
সুৰাসুৰ ব্ৰহ্মাণ্ডক নামে আছে ধৰি।
এতেকে মহন্তে গাৱে নামক সাদৰি॥
ৰামকৃষ্ণ উচ্চৰিয়া যায় যিটো নৰে।
তাৰ পচে যায় কৃষ্ণ চক্ৰ ধৰি কৰ॥ ১৭৫
বিধিনি পাপক কৃষ্ণে চক্ৰে কৰি ছ্য়।
ভকত জনক হৰি কৰয় ৰক্ষণ॥
যেন ধেণু নেৰে স্নেহে বৎসৰ যে লাগ।
কৃষ্ণ ফুৰে পাচত ভক্তক কৰি মাগ॥ ১৭৬