পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪৮
অসমীয়া সাহিত্যৰ চানেকি ৷

প্ৰাণতো অধিক মোৰ অঙ্গদ কুমাৰ আছে,
 মই আছোঁ শান্তি পটেশ্বৰী।
ইন্দ্ৰৰ পুৰীতোধিক প্ৰকাশ কৰন্তে আছে,
 দেখা ইতো কিষ্কিন্ধা নগৰী॥
আপোনাৰ বাহুবলে বৈৰ সব জিনিলাহা,
 বৰ যশৰাশি তুমি পাইলা।
সুদুৰ্জ্জয় ৰাৱণক কাষত টিপিয়া লইয়া,
 চাৰিয়ো সাগৰ ফুৰি আইলা॥
সাত পৃথিবীত যত ভালুক বানৰ আছে,
 তোমাৰ চৰণে কৰে সেৱ।
কোন নো অশক্য কৰ্ম্ম সাধিবাহা সম্প্ৰতিক,
 সমৰক যাহা প্ৰভু দেৱ॥
স্বপনৰ কথা কহো শুনিয়োক প্ৰভু তযু,
 হৃদয়ত লাগি গৈল মাটি।
ওপৰক হৈয়া গোড়ে তোহোৰ শৰীৰ গোটে,
 সমুলে পশিল মাটি ফাটি॥
সিংহাসনে বসি ৰঙ্গে সুগ্ৰীৱ দেৱৰে মোৰ,
 তিনি কোনো ইটা গোট গিলে।
হেনয় স্বপন জানা যাকে যাকে দেখিৱয়,
 তাতে গৈয়া ৰাজশ্ৰী মিলে॥
বালী বোলে শুন ওৰে পটেশ্বৰী তাৰা মোৰ,
 যুগুত বচন হলি সহি।
হেন কি জান তই পৃথিবী মণ্ডল মাঝে,
 বালীক জিনন্তা আছে কহি॥
উদয় গিৰিক লাগি হিমালয় পৰ্ব্বতক,
 নিবাক আছয় মোৰ শক্য।
মোৰ সমৰক লাগি আহ্বান কৰন্তে আছে,
 সুগ্ৰীৱ কমন বীৰ ৰথ॥