মোৰ প্ৰাণ গোটা বান্ধৈ তাতে নিয়া আৰোপিয়া,
সুগ্ৰীৱক বাঢ়ি দিব ৰণ৷
সমৰ ভূমিত গৈয়া সুগ্ৰীবক ৰণে জিনি,
পালটি আসিবোঁ এতিক্ষণ॥
স্বপন কথা যত কহিলাহা প্ৰাণজায়া,
জানিবা সকলে আন জাল।
বাধা বচন তুমি নুবুলিবা পটেশ্বৰী,
ঝাণ্টে চলি যাওঁ যুদ্ধশাল॥
তাৰা বোলে প্ৰাণেশ্বৰ টীকৰ সুস্বামী মোৰ,
আৱৰ কাহিনী কহোঁ শুনাঁ।
ডাহিনৰ চক্ষু মোৰ সঘনে সঘনে ফুৰে,
আৰু হৃদয়ত ভাল গুণা॥
দিন তিনি চাৰি ভৈল সুগ্ৰীৱ দেৱৰে মোৰ,
তোমাত সমৰ হৰি গৈল।
হেন জানা বিনা সাহে দুৱাৰত বসি আসি,
পুনৰপি গৰ্জ্জিবাক লৈল॥
আৱৰ কাহিনী কহোঁ শুনিয়োক প্ৰাণনাথ,
কাৰ্য বৰ ভৈ গৈল বিচিত্ৰ।
নিপুকুল-বিমৰ্দ্দন ৰঘুকুল শিৰোমণি,
ৰাম ভৈল সুগ্ৰীৱৰ মিত্ৰ॥
আছোক পৃথিৰী খণ্ড স্বৰ্গ সাত পাতালৰ,
জিনিতে পাৰয় দেৱাসুৰ।
জানিবা স্বৰূপ ৰূপে তোমাৰ কনিষ্ঠ ভাই,
তেহে ৰাম ভৈলা পখাপুৰ॥
ৰাখৱে সহিতে প্ৰভু বিবাদক সুমুৱাই,
শুনিয়োক বোলো হিত কাজ।
আপোনাৰ কনিষ্ঠ সুগ্ৰীব বীৰক আনি,
সত্বৰে পাতিয়ো যুৱৰাৰ॥
৩২