পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪৭
সীতা হৰণ ৷

সহজে বানৰ জাতি তৰল সদাই।
তুমি কৃপাময় আৰু ক্ষমিবে যুৱাই॥
শুনিয়া ৰাঘবে তাঙ্ক আশ্বাস কৰিলা।
দিন তিনি চাৰি মানে প্ৰায় পালম্পিলা॥
সুগ্ৰীৱে ৰামৰ মালা শিৰত ধৰিলা।
প্ৰদক্ষিণে ৰাঘৱক প্ৰণাম কৰিলা॥
জয় বাঞ্ছা কৰি সুমঙ্গল আচৰিলা।
বালীৰাইক খাৱে শুভ সমৰে পশিলা॥
সুগ্ৰীৱ লক্ষণ ৰাম সহিতে চলন্ত।
পাছে যান্ত নল নীল আৰ হনুমন্ত॥
বুলিলা ৰাঘৱে সুগ্ৰীবক দিয়া ডাক।
মাৰো অবিলম্বে মিত্ৰ চিনায়ো আমাক॥
এহি বুলি ধনু ধৰি শ্ৰীৰাম লক্ষণে।
সাৱধানে থাকিৱন্ত কিষ্কিন্ধৰ বনে॥
সুগ্ৰীৱ গৰ্জ্জন্ত গৈয়া দুৱাৰত বসি।
কি কৰস বালী ৰাজা গহ্বৰত পশি॥
নিচিন্তি আছহ দদা বাৰ্ত্তাক নপাইলা।
তোমাৰ কনিষ্ঠ ভাই কাল হুয়া আইল॥
সত্য কৰি জানা দদা বচন আমাৰ।
পৰিছেদা কৰি দেখা পুত্ৰ পৰিবাৰ॥
পটেশ্বৰী লোক দেখা আৰো যত তিৰী।
আজি ধৰি তোমাৰ খণ্ডাইবোঁ ৰাজশিৰী॥
সুগ্ৰীবৰ নাদ শুনি বালীৰাইৰ কোপ।
আজি তোক মাৰো বুলি কৰয় আটোপ॥
ত্বৰিতে বজাইল বীৰে আৰ্ত্তনাদ কৰি।
আগ বাঢ়ি বিনাৱন্ত তাৰা পটেশ্বৰৰী॥
টীকৰ সুস্বামী মোৰ বলবন্ত প্ৰাণেশ্বৰ,
 বানৰ কুলৰ নিজ নাহা।
মাণিকৰ দণ্ডপাত পৰিহৰি প্ৰভু দেয়,
 কি কাৰণে সমমক বাঞ্ছা॥