পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪৬
অসমীয়া সাহিত্যৰ চানেকি ৷

কাল বৰ্ণ দেহা যেন অঞ্জন পৰ্ব্বত।
ভয়ঙ্কৰ বেশে থিয় ভৈ গৈল আগত॥
কৰকৰি চোৰাৱয় কৰি পাৰি দান্ত।
একে বেলে তানে যেন কুৰি খান জান্ত॥
ক্ৰোধিয়া ৰাবণে বোলে খৰতৰ বাক।
হৰিবো পাপিষ্ঠি ত্ৰিভুবনে নাহি ৰাখ।
হাওঁৰে পাপিষ্ঠি মোক হেনয় সিদ্ধান্ত।
চৱৰৰ ছোটে তোৰ সাৰি এৰো দান্ত॥
মোক নজানস তই ৰাৱণ বিশাল।
অগনিৰো অগনি যমৰ যমকাল॥
ৰামক বখান মোৰ আগত মুনিষ৷
সহস্ৰেক ৰামে মোক কৰিবেক কিস॥
শুনিয়োক সভাসদ ৰামৰ চৰিত।
আত পৰে নাহি ধৰ্ম্ম দুৰ্ঘোৰ কলিত॥
ৰাম হেন নাম ইতো সংসাৰতে সাৰ।
বোলা ৰাম ৰাম পোৰা পাপৰ ভাণ্ডাৰ॥

______

কিষ্কিন্ধা কাণ্ড। বালী বধ।

ৰাঘৱৰ বচনে সুগ্ৰীব ৰঙ্গ পাইলা।
চৰণত ধৰি বীৰে প্ৰধোধ কৰাইলা॥
নাজানি গৰ্জ্জিলো দোষ ক্ষমা ৰঘুপতি।
ইহ পৰ লোক প্ৰভু তুমি মোৰ গতি॥
মহাপাপী সবো তবে নাম লৈলে যাৰ।
তাহাঙ্ক নিদিলোঁ পাপ সঞ্চিলোঁ অপাৰ॥
অজ্ঞানীৰ দোষ ক্ষমিয়োক নাৰায়ণ।
তোমাৰ অভয় পদে পশিলোঁ শৰণ॥
ঘাৱৰ বিষত মোৰ হৰিল চেতন।
বুলিলোহো ঈশ্বৰক গৰিছা বচন॥