পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২০৫
ৰামৰ বনবাস।

লক্ষণে বোলন্ত  বাপক বুলিবি,
  গুচিল তোহ্মাৰ শলি।
কৈকেইৰ হিত  চিন্তিয়া আহ্মাক,
  বনক পঠাইলা বলি॥
লোক পতিয়ান  বিষাদ এড়িয়া,
  কৈকেইক ভালে চাহা।
সাত পুৰুষৰ  তোহ্মাৰ গোসানী,
  কান্ধত কৰি বুলাহা॥
তুমি হেন ৰাজা  স্ত্ৰীৰ ৰস হুয়া,
  বড় ইতো ধৰ্ম্ম পাইলা।
দেশে দেশে খ্যাতি   থাকিল তোহ্মাৰ,
  ৰামক বনে পঠাইলা॥
সকল লোকক  অসাৰ দেখিলা,
  কৈলা কৈকেইক সাৰ।
মৰিবাৰ কালে  কামবশ্য হুয়া,
  ধৰ্ম্ম নষ্ট আপুনাৰ॥
লক্ষণক বাধি  ৰামে বুলিলন্ত,
  মন্ত্ৰী সুনা পৰিমান।
লক্ষ্মণৰ বোল   ৰাজাত জানাইলে,
  তেখনে তেজিব প্ৰাণ॥
শোক দুধ এড়ি  কিছু নুবুলিবি,
  হৰিৰে অযোধ্যা যাহা।
আহ্মাৰ কুশল  সব বাৰ্ত্তা কহি,
  নৃপতিক তালে চাহা॥
গুহ নৃপতিক  ৰামে বুলিলন্ত,
  আঠা আন এতিক্ষণ।
মাথে জটা ধৰি  তাপসৰ বেশে,
  দুভায়ে চলিবোঁ বন॥