পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮২
অসমীয়া সাহিত্যৰ চানেকি৷

জগতৰ নাথ এহি বুলি ৰহিলন্ত।
মাথা তুলি পাছে দশৰখে বুলিল॥
স্ত্ৰীজন বঢ়াই বড় ভৈলোঁহো হতাশ।
কৈকেই বৰ দিয়া চিন্তিলোঁ বিনাশ॥
জন্মে জন্মে মঞি কৰিলোঁহো মন্দ কৰ্ম্ম।
জেষ্ঠ পুত্ৰ বনে যাই কোন যোগ্য ধৰ্ম্ম॥
অযোগ্য কৰিয়া গলে সত্য পাশে ধৰি।
ৰাজ্য ভাৰ লৱয় নিগ্ৰহ মোক কৰি॥
দশৰথে বোলে সুনা হৃদয় নন্দন।
এড়ি যাইবে মোহোক বিকল কৰে মন॥
তুমি এড়ি গৈলে মোৰ নাহিকে জীৱন।
দুখ ভাগ লৈবো মোকো লৈয়া চল বন॥
প্ৰদক্ষিণ কৰি ৰামে বুলিলন্ত বাণী।
আমাৰ জীৱন যেন পদ্ম পত্ৰ পানী॥
পিতৃদেৱ তোহ্মাৰ সত্যক ৰক্ষা কৰি।
নিশ্চয় চলিবোঁ বন ৰাজ্য পৰিহৰি॥
ধৰ্ম্ম পথ ৰাখোঁ মোত তেজিয়োক স্নেহ।
সত্যক পালন কৰা দৃঢ় কৰাঁ দেহ॥
পুত্ৰ সঙ্গে ৰাজাৰ যাইবাক নোহে যোগ।
বন্ধুজন পালিয়ো কৰিয়ো ৰাজ্য ভোগ॥
দশৰখে বোলে ৰাম কুলৰ নন্দন।
মাৱৰ বাপক বোলাঁ আশ্বাস বচন॥
মাৱৰ বাপৰ পুত্ৰ সৰ্ব্বকালে ছোট।
মাঝ কৰি গলে বান্ধি থাকোঁ ৰাত্ৰি গোট॥
ৰাজায়ে বোলন্ত ৰাম বুঝিলোঁহে চিত।
এক বোল বোলোঁ তাক দেখিয়োক হিত॥
আজি থাকি অনুগ্ৰহ কৰিয়ো আহ্মাত।
পৰিছেদা একে থানে ভুঞ্জো আজি ভাত॥
ৰাঘৱে বোলন্ত বাপ সুনিয়ো আপুনে।
আজি দুই ভাত খাইবো কালি খাইবে কোনে॥