পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮১
ৰামৰ বনবাস।

কৈকেই কৌশল্যা দুয়ো আছন্ত দুই ভিতি৷
কাশ্যপক বেঢ়ি যেন দিতি যে অদিতি॥
দশৰথ আছা কন্যাগণৰ মাঝত।
হস্তিনী গণৰ মাঝে যেন ঐৰাৱত॥
ৰামক দেখিয়া ৰাজা চালিলন্ত গাৱ।
সাবটি ধৰিতে লাগি বঢ়াইলন্ত পাৱ॥
শোকে সিহৰিল গাৱ নপাইলন্ত উলি।
ঢলিয়া পড়ন্তে ৰামে ধৰিলন্ত তুলি॥
শ্ৰীৰাম লক্ষ্মণে নিয়া থাপিলা আসনে।
তিনি হন্তে কান্দিলা বিষাদ কৰি মনে॥
বিচিলন্ত অনেক চামৰ ধৰি হাতে।
সুশীতল জল আনি ঢালিলন্ত মাথে॥
কৌশল্যাক প্ৰমুখ্যে ৰামৰ যত মাৱ।
হা প্ৰাণ প্ৰভু বুলি তেজিলন্ত ৰাৱ॥
হৰি হৰি বিধি কত কৰিলে সঙ্গতি।
দশৰথ নৃপতিৰ হেন সে বিপতি॥
সুখৰ ভিতৰে কেনে মিলিল অপাই।
বন্ধুছেদ কৰি ৰাম বনবাসে যাই॥
কহি যাইবে সীতা আই সৰ্ব্বাঙ্গে সুন্দৰী।
কৈক যাহা লখাই বাপ দেশ পৰিহৰি॥
বিনাশ মিলিল আসি অযোধ্যা নগৰী।
কৈক যাইবে ৰমাই মোক অনাথিতি কৰি॥
কতো বেলি নৃপতি আসিলেক জীৱ।
কৰজোৰে শ্ৰীৰাম আগত ভৈলা থিৱ॥
তুয়া সত্য পালিয়া চলিবো বন মাঝ৷
শুভদৃষ্টি চাহি আজ্ঞা দিয়ো মহাৰাজ॥
লক্ষ্মণ সীতাক মঞি বুলিলোহো ভাৱ।
গহ কৰি তেজিলন্ত আপুনাৰ ঠাৱ॥
পালটাইতে নপাৰিলোঁ কৰিবোঁহো কিস।
তিনি হন্তে চলিলোহো দিয়োক আশীষ॥