পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭৭
ৰামৰ বনবাস৷

প্ৰাণ মোৰ দহে আতি এত মান স্নেহ।
হৃদয়ত খাণ্ডা হানি তেজিবোহোঁ দেহ॥
যেন অভিমত কৰ ভৈয়াই লক্ষ্মণ।
সুষজ্ঞ দ্বিজক গৈয়া আন এতিক্ষণ॥
বশিষ্ঠৰ পুত্ৰ তেহোঁ ৰাঘৱৰ মিত্ৰ।
তেখনে লক্ষ্মণে আনি কৈলা উপস্থিত॥
সুযজ্ঞক ৰামদেৱে অৰ্চ্চনা কৰিলা।
আপুনাৰ অলঙ্কাৰ তাঙ্ক দান দিলা॥
ৰাঘৱক দেখিয়া সীতাৰ অভিমত।
মিতিনীক আনি দিলা অলঙ্কাৰ যত॥
শয়ন কামলি আৰো সিংহাসন খাট।
নুপূৰ ৰাহুটি দিল চতুঃষষ্টি পাট॥
পাটপট কুণ্ডল কঙ্কণ মণি হাৰ।
নুপূৰ পগৰি দিলা নানা অলঙ্কাৰ॥
কৌশল্যা সুমিত্ৰা আদি মাৱগণ যত।
ব্ৰাহ্মণ প্ৰমুখ্যে আনো যত অনুগত॥
বন্ধুঞ্জন নট ভাট দাস দাসী জন।
মনোৰথ পুৰি ৰামে বিলাইলন্ত ধন॥
এক বৃদ্ধ ব্ৰাহ্মণে ৰামক পাইলা ভেট।
আমি পাঞ্চ বৎসৰে ৰাজাত কৰি জেষ্ঠ॥
শিশু সুত মোহোৰ বিস্তৰ পৰিজন।
পুষিতে নপাৰো মোক কিছু দিয়ো ধন॥
ৰাঘৱে বোলন্ত ধন লাগে দিয়া গৈল।
সহস্ৰেক গুৰু তাৰ অৱশেষ ৰৈল॥
ৰাখিতে পাৰিবা যত আপুনি লৈয়োক।
বিলম্ব নকৰি ঝাণ্টে লড়ু ধৰিয়োক॥
সুখাই গৈল চৰ্ম্ম সম পাঞ্জি হেন কেশ।
দৃঢ় কৰি গাটি খাঙ্কি আগত প্ৰবেশ॥
হাতে লড়ু ধৰি চলিলাহা দ্বিজবৰ।
পাৱ থিৰ নোহয় কাম্পয় কলেৱৰ॥

২৩