পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭৮
অসমীয়া সাহিত্যৰ চানেকি।

বাহুৰিয়ো গোসাঞি বুলি ৰামো দিলা ৰাৱ।
পৰিহাস বুলিলোঁ লখিলোঁ তজু ভাৱ॥
গোৰক্ষে সহিতে গো সকলক নিয়োক।
আউৰ যত ধন লাগে মোত মাগিয়োক॥
যজ্ঞ কৰিবোহোঁ বুলি মাগি লৈয়া ধন।
ৰামক আশংসা কৰি চলিলা ব্ৰাহ্মণ॥
যত ধন দিয়া নামে কৰিলন্ত শেষ।
অস্ত্ৰ আন লক্ষ্মণক কৰিলা আদেশ॥
বৰুণে পিতৃক দিলা ধনু দুই খান।
টোন দুই অক্ষয় সম্পূৰ্ণ যাত বান॥
আৰো দিলা অভেদ কৱচ দুই খান।
বিমল কৱচ দুই ঝাণ্টে গৈয়া আন॥
দিব্য ধনু মোহোৰ আছয় গুৰু ঘৰে।
তাহাকো আনিয়ো গৈয়া লক্ষ্মণ সত্বৰে॥
ৰা ঘৱৰ আদেশ শিৰত কৰি লৈয়া।
ত্বৰিতে লক্ষ্মণে ধনু আনিলন্ত গৈয়া॥
ৰাম সীতা লক্ষ্মণ ধনক দান কৰি।
ৰাজাক দেখিতে যান্ত থান পৰিহৰি॥
ওৱাৰিৰ নাৰী কান্দে সীতা পাৱে ধৰি।
কৈক যাহা মাৱ আমাসাক পৰিহৰি॥
নকৰিলোঁ পাপ অকালত মৃত্যু নাই।
অন্তেষ পুৰৰ নাৰী এড়ি কৈক যাই॥
পুৰুৰ কালত আছোঁ খণ্ড তপ কৰি।
তাৰ ফলে সীতা মাৱ যান্ত পৰিহৰি॥
ধৱলী ঘৰত পড়ি কামে নাৰী জন।
যেন হিমগিৰিত পড়িল তাৰাগণ॥
ৰাজপথে প্ৰজ্ঞা যত আদি অন্ত নাই।
চতুৰ্ভিতি বেড়িয়া ক্ৰন্দন কৰি যাই॥
নিৰন্তৰে প্ৰজা সব কান্দয় চৌপথে।
কিনো কৰ্ম্ম কৰিল নৃপতি দশৰখে॥