পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭৬
অসমীয়া সাহিত্যৰ চানেকি।

পৰিধান বল্কল হৈবেক জটা কেশ।
নখ লোম ছোৰ হৈব তোতকাৰ বেশ॥
অস্থি চৰ্ম্ম নাম মাত্ৰ হৈব মোৰ সাৰ।
কিনো প্ৰীতি হৈব তোৰ সুৰত আহ্মাৰ॥
ঘৰ্ম্মকালে পঞ্চতপ ব্ৰতক ধৰিবোঁ।
শিশিৰ সময়ে জলে নিবাস কৰিবোঁ॥
উপবাস কৰিতে লাগয় ঘনে ঘন।
অল্পক তেজিয়া ফল মুলেসে ভোজন॥
আহ্মাৰ লগত বনবাসে তুমি যাইবা।
উপবাস ব্ৰতে মহাদুখ মাত্ৰ পাইবা॥
জনক নন্দিনী মোৰ বচন নবাধ।
গৃহে পতিব্ৰতা ধৰ্ম্মে পৰলোক সাধ॥
ৰামৰ বচন শুনি জানকী গোসানী।
ক্ৰন্দন কৰিয়া দেবী বুলিলন্ত বানী॥
তুমি এড়ি গৈলে মোৰ জীবন নিস্ফল।
কটাৰত ভৰ নুহি ভুঞ্জিবো গৰল॥
সীতাৰ বিলাপে চিত ৰামৰ দ্ৰবিল৷
বনক যাইবাক তাঙ্ক অনুমতি দিল॥
সুন সুন জানেকী লখিলো তোৰ কাজ।
মোহোৰ তুলত বনে যাইতে হৱা সাজ॥
ৰাঘৱে বোলন্ত লক্ষ্মণৰ হাতে ধৰি।
পালটাও মন বাপু গৃহ পৰিহৰি॥
দুখী দুই মাৱ মোৰ বৰ দুখ পাইব।
কৈকেয়ীত মান সাৰি লঘনক পাইব॥
সুনিয়া লক্ষ্মণে পাছে বুলিলন্ত বাণী।
লক্ষেক পুষিবে পাৰে কৌশল্যা গোসানী॥
ধন জন সমন্বিতে গ্ৰাম দশ শত।
তোহ্মাত গৌৰৰে তাঙ্ক পালিবে ভৰত॥
তুলত যাইবাক মোক নিৰোধিয় কিক।
কিনো মন্দ চিন্তিলোঁ মোহৰ আছে ধিক॥