পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭৫
ৰামৰ বনবাস।

সি সব যন আমি শিৰোগতে ধৰোঁ।
নদী বনে তোহ্মাৰ ভুলতে অনুসৰোঁ॥
হেন মুনি বুলিলন্ত জগতৰ নাথে।
সীতা দেবী আগত আছন্ত হেট মাখে॥
সুনা সুনা সীতা বোলো জনক জিয়াৰী।
নাৰী সমে বনবাস খাটিতে নপাৰি॥
সংহৰ নাদক শুনি গিৰিৰ কন্দৰে।
কাম্পে কলেবৰ চমকিত হৈব ডৰে॥
পৰ্ব্বত সমান হস্তী গৰ্জ্জে নিৰন্তৰে।
দ্বাদশ মাসৰ ভিতৰত সয় ধৰে॥
মহিষ বৰাহ বাঘ সৰভ গৰয়।
সিংহ ঘোঙ ৰাৱে আতি ত্ৰাসক জনয়॥
গোলাস তেৰঞ্চ গোম পৰ্ব্বতীয়া বোড়।
মাণ্ডলীক অজগৰ যাক নাহি জোৰ॥
ইসৰক আদি কৰি ভয়ঙ্কৰ সৰ্প।
দৰশন মাত্ৰেকতে হৰে বল দৰ্প॥
কীট পতঙ্গৰ জোক নেউল ইন্দুৰ।
ইতো সব জন্তু আছে বনত প্ৰচুৰ॥
গুগুকুৰি পৰুৱা আছয় আস থান।
যাহাৰ প্ৰহাৰ সিংহে নসহয় টান॥
বিহঙ্গম চতক বনত আসি মিলে।
আছোক মনুষ্য হস্তী গোটে গোটে গিলে॥
ৰকত কমল সম তোৰ হাত পাৱ৷
সৰ্ব্বক্ষণে নেত কামলিত যাৰ গাৱ॥
ৰত্ন গৃহে ফুৰন্তে শোণিত পায়ে ৰহে।
উলু কণ্টকত ফুৰিৰাক কোন সহে॥
অনেক দিনৰ পথ হৈব মৰুস্থল।
মহাদুৰ্গ স্থান কতো অপবিত্ৰ জল॥
কুশৰ কণ্টক লতা গুল্ম যত দেশ।
ঘোৰ অৰণ্যত কেনে হৈৰাহা প্ৰবেশ॥