পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩৯
ৰুদ্ৰ কন্দলী

ঘোৰ যুদ্ধ কৰি চলে শিলিৰ নন্দন।
সেনাৰ মাঝত ভৈল দাৰুণ ক্ৰন্দন॥
দুৰ্য্যোধনে সাত্যকীক ৰাখিবাক মনে।
মহাৰথীগণ সমে কৰিলা যতনে॥
ৰাখিবাক নপাৰিলা থাকিলা জন্তাই।
যেন দৰিদ্ৰৰ বাঞ্চা মনত লুকাই॥
এতেকতে ব্যূহ মুখে শুনন্ত আৰাৱ।
ব্যূহৰ মুখে বিধংসিলা সকলে পাণ্ডৱ॥
ব্যুহৰ মুখক গৈলা দুৰ্য্যোধন ৰায়।
দেখে ভাগি পলাই গৈল অবস্থা নলয়॥
তাতে ধনু ধৰি ধাইল ৰাজা দুৰ্য্যোধন।
পাণ্ডৰি দলত পশি কৰিলেক দন॥
যেন মত্ত হস্তী গোট সৰোবৰে নামি।
আপোনাৰ মনৰঙ্গে ভাঙ্গে কমলিনী॥
সকলে পাণ্ডবি সেনা পলাই ভাগি তাগি।
ভীমসেন খেদি গৈলা নৃপতিক লাগি॥
তাহাৰ লগত গৈলা সবে বীৰ গণ।
সবাহাঙ্কে ৰাজায়ে কৰিলা ঘোৰ ৰণ॥
ভীমক কৰিল দশ শৰৰ সন্ধান।
ভীমৰ পুত্ৰক তাৰিলন্ত পাঞ্চবান॥
সহদেব নকুলকো ভেদিলেক শৰে।
দশ শৰে হৃদয়ত ভেদি শিখণ্ডীৰে॥
তিনি শৰে ভেদি ধৰ্ম্ম ৰাজাৰ ললাট।
দুই শৰে ভেদিলন্ত দ্ৰুপদ বিৰাট॥
তিতিনি সায়কে দ্ৰৌপদীৰ তনয়ক।
পাৰ্ব্বতক মাৰিলন্ত সত্তৰি সায়ক॥
আনো বৰ বৰ বীৰ আগুয়ান ভেদি।
হস্তী হয় পদাতি মাৰয় খেদি খেদি॥
ধনুৰ মণ্ডল কৰি বিদ্যুত সঞ্চাৰ।
আউলাইলেক গৈলেক ভাগিয়া পটোৱাৰ॥