পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪০
অসমীয়া সাহিত্যৰ চানেকি।

যুধিষ্ঠিৰ ৰাজা দুনাই পাট ভল্লশৰে।
ধনু খান কাটিলন্ত ৰাজাৰ হাতৰে॥
এক গোটা ভল্লশৰ হাতে তুলি লৈলা।
কৰ্ণ মানে ধনু টানি কাটিয়া পেলাইলা॥
নৃপতিৰ হৃদয়ৰ কবচ কাটিয়া।
ভূমিত প্ৰবেশ ভৈলা উৰচাট হুয়া॥
আৰো নব পতে শৰ হানি গোটে গোটে।
একশৰ হানি ক্ষেপিলন্ত বৰ ছোটে॥
ৰখতে কাম্পয় ৰাজা ধবজ গোটে ধৰি।
আমি সবে খাইলোহো ৰাজাক পিচ কৰি।
গোটে গোটে আমাক মাৰন্ত শৰ গণে।
পাচে ৰাজ দুৰ্য্যোধনে খাইল কোপ মনে॥
থাক থাক বুলিয়া ৰাজাক খেদি যান্ত।
সকল পাঞ্চাল গণে ৰাজাক বেঢ়িলন্ত॥
সিহু পাঞ্চালক বেঢ়িলন্ত গুৰু দ্ৰোণে।
যুধিষ্ঠিৰ সমীপক পাইলা দুৰ্য্যোধনে॥
পাণ্ডবৰ হৃদয়ত ষাঠি শৰে হানি।
ৰথকো ধ্বজকো শৰ জালে থৈলা চানি॥
দোগোটা ৰাজাৰ যুদ্ধ ভৈলা ধুমাজয়।
দুভিতিৰ সেনা বোলে মিলিল প্ৰলয়॥
দুয়ো বীৰে শৰ হানে কাটে দুয়ো বীৰে।
ধনু কাটি কাটি যুজে গদা মুদগৰে॥
ছিদ্ৰ পায়া ধৰ্ম্ম ৰাজে লৈলা বংশ দণ্ড।
বোলে কৰি একো আঙ্গি কলহৰ অন্ত॥
কৰ্ণ মানে ধনু টানি কৰিলা প্ৰহাৰ।
নৃপতিৰ হৃদয়ত কৰিলা দোহাৰ॥
শৰ ছোটে ৰখতে পৰিলা কুৰু যায়ে।
মৰিল মৰিল বুলি পাণ্ডৱে চেঞ্চাৱে॥
পলুৱাইলা সাৰথি ঘোৰাক বেগে টানি।
দশো দিশে শুনি মাত্ৰ হাহাকাৰ ধ্বনি॥