পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩৭
ৰুদ্ৰ কন্দলী

সাৰথি পৰিল ঘোৰ ফুৰাৱে বীৰক।
আন বীৰে দ্ৰোণক মাৰিলা শৰ ঝাক॥
দ্ৰোণে দেখে পাণ্ডু বলে ব্যুহ বিধংসিলা।
পাঞ্চালক এৰি পাণ্ডবক খেদি গৈলা॥
দ্ৰোণক সম্মুখ ভৈলা যুধিষ্ঠিৰ নৃপ।
দুঃশাসনো পাইলা গৈয়া সাত্যকী সমীপ॥
ধনু টানি সাত্যকীক ষাঠি বান হানি।
দশ শৰ প্ৰহাৰিয়া বুলিলন্ত বাণী॥
অৰে বৃষ্ণি বংশ তুমি শৰ ছোট পাইলা।
পৰৰ নিমিত্তে কেনে মৰিবাক আইলা
শিলিৰ নন্দনে তাক মাতিবে নেদিলা।
কৰ্ণৰ মুৰত চাৰি শায়ক ভেদিলা॥
উলতি উলতি আসি ভেটিলেক বাট।
এহি বুলি চাৰি শৰে ভেদিলা ললাট॥
শৰ ছোটে যুবৰাজ মুৰ্চ্চাগত ময়।
দুৰ্য্যোধনে দেখি ত্ৰিগৰ্ত্তক আদেশয়॥
তৃতয় সহস্ৰ গৈলা ত্ৰিগৰ্ত্তৰ ৰথ।
দুহাজাৰ সংসপ্তকে কৰিলা সম্মত।
পিম্পৰাৰ বলে যেন দিল পটোৱাৰ।
চৌদিশ বেঢ়িয়া কৰে শৰৰ প্ৰহাৰ॥
সাত্যকীয়ে সবাৰে কাটিলা শৰ সঙ্গ।
হস্তী হয় কাটিয়া বীৰৰো ভেদে অঙ্গ॥
সবাকো বিধ্বংসি হাজাৰেক মাৰি ৰথ।
দুই ভীতি মুকল নিলগাইলা পথ॥
অৰ্জ্জুনক দেখো বুলি শীঘ্ৰে চলি যান্ত।
দুনাই দুঃশাসনে নৱ শৰ হানিলন্ত॥
সাত্যকীয়ো তাক হানিলন্ত পঞ্চ বাণ।
পুনঃ আঠ শৰে সাত্যকীক বৰ টান॥
সাত্যকীয়ো ৰাহু মুলে দুশৰে তাৰিলা।
দুনাই ধনু ছেদিবাৰ বেগে যে লড়িলা॥