এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অসমীয়া সাহিত্যৰ চানেকি।
প্ৰাক্ বৈষ্ণৱ যুগ।
⸺⸺
ৰুদ্ৰ কন্দলী।
মহাভাৰত। দ্ৰোণপৰ্ব্ব
সাত্যকী-প্ৰবেশ।
দ্ৰোণে বুলিলন্ত হেন দাৰুণ বচন।
শুনি যেন নুশুনিলা তোমাৰ নন্দন॥
ভাল ভাল ম্লেচ্ছ সেনা বাচি বাচি লৈলা।
আতি শীঘ্ৰ কৰি সাত্যকীক খেদি গৈলা॥
দ্ৰোণে পুণৰপি পাঞ্চালত পশিলন্ত।
সোমক পাঞ্চাল সঞ্চয়ক সংহাৰন্ত॥
পাঞ্চাল ৰাজাৰ তনয়ক বিৰকত।
দ্ৰোণক মাৰিয়া বৰ দেখাইলা বীৰত্ব॥
দ্ৰোণৰ হৃদয়ে ভেদিলেক পাঞ্চ শৰ।
সাত শৰে সাৰথিক কৰিলা সংহাৰ॥
এক শৰ মাৰিয়া ধ্বজক কম্পাইলা।
চাৰি শৰ মাৰি তাৰ ৰথক তম্ভাইলা॥
ৰথ তন্তিবাৰ দেখি সকলে পাঞ্চাল।
শঙ্খ সিংহ নাদ কৰে কৰিয়া ঘঞ্চাল॥