পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২২
অসমীয়া সাহিত্যৰ চানেকি।

ৰদে বৰখুণে সমে যাই।
তেবেসে কৃষিৰ লাভক পাই॥
মাঘি সপ্তমীত বৰিযে দেৱ।
বেহা এৰি কৰা নাঙ্গল সেৱ॥
এক মন কৰি ধৰিবা ডাটি।
তেবেসে নাই কৃষিৰ ঘাটি॥
ৰবি ৰবিসুত ভুমি নন্দনে।
মাঘৰ আঁওসী তৃতীয়া দিনে॥
ইহাতে উত্তৰা যেবে পাই।
অৱশ্যে জানিবা আহু হৰাই॥
ফাগুণৰ শেষে চৈত্ৰ প্ৰবৰ্ত্তে, ধেই হৱে বাৰ।
আকে শিতলী, শনিৰে পাতলি, ধুলি এন্ধাৰ॥
সোমে বহু জল,
কৃষিৰ বিফল ডাকৰ বচন সাৰ।
যদি হোৱে বুধ, বিৰচতি শুক্ৰবাৰ,
মেদিনী নসহে শস্যৰ ভাৰ॥
মাহ সৰিয়হ কপাহ বাঁহ।
চাৰিকো খালে নাহিকে আশ
যত লাভ পাই সৰিয়হ মাহে।
তত লাভ পাই কলা কপাহে।
যথাত কলা কপাহৰ বাৰী।
তথাত সুভিয়া সকল নাৰী॥
কলা কপাহ আৰ্জিব দূৰ।
ওচৰত ভৈলে দোষ প্ৰচুৰ॥
পুবে ৰেণু পশ্চিমে ছায়া।
সেহিসে শস্য ভ্ৰমৰ কায়া।
যেবে কৃষিক কৰিবা আশ।
তেবে নকৰিবা শাওণত চাষ॥
আহাৰ শাওণত নকৰে ধান।
তাহাৰ কৃষিত কিমত মন॥