পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৫
ডাক-ভণিতা।

মধুৰ বচন বোলে সদাই।
স্বামীৰ বচন কিছু নেপেলাই॥
সম সৰু দান্ত লাবণ্য মাত।
গৃহে ৰাতি দেই সন্ধ্যা বেলাত॥
ৰন্ধন কৰয় বচন মিঠ।
সেই গৃহিণীক বোলয় ইষ্ট॥
শাশুৰীত পুহি কৰে আয় ব্যয়।
সে নাৰীক সদা লক্ষী নেৰয়॥
গুৰু পদ সেৱা অতিথি পূজে।
চিৰকালে নাৰী সুখক ভুঞ্জে॥
ৰৌদ্ৰত কাটি কুটি থৱে শুকাই।
বৰ্ষা চাৰি মাসে বসিয়া খাই॥
কড়া কড়া কৰি সাঞ্চয় ধন।
ৰাখিব বিশ্বাস কৰি যতন॥
স্বামীৰ সেৱা গধূলী ৰাতি।
ডাকে বোলে সেই লক্ষ্মীৰ জাতি॥
যি নাৰী প্ৰভাতে নিদ্ৰাক যায়।
বাসি শয্যাত সূৰ্য্যক পাই॥
উদয় কালত নিলিপে ঘৰ।
ডাকে বোলে তাইক ছাৰিয়ো নৰ॥
স্বৰ্ণ দন্ত পাতল ওঠ।
তাইৰ দেখিয়া দন্দৰ ছোট॥
ওঠৰ ওপৰে গোফৰ সাৰি।
সিজনী জানিবা বিধবা নাৰী॥
বাৰীত কূপ নদীক যাই।
সঘনে স্ত্ৰী পৰমুখ চাই॥
স্তন কোখ দৰশাৱে পিঠি।
বোলন্ত ডাকে হেৰা তাই দুষ্টি॥
কুৰ্কুটা মুৰী চকলা পিঠি।
থাইবই তাই মেলক দিঠি॥