পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৪
অসমীয়া সাহিত্যৰ চানেকি।

সেই ফুল যেবে ঔষধিক পাই।
জাৰিয়া গোম গোমুনীৰ বিষ এখনে নোমাই॥
ওৰে গোম তোৰ আৰু জাতি।
মাঘ মাহা পঞ্চমি তিথি॥
কৈক মাৰি কৈক পঠাইলা সমন্তে কছি ৰাজ।
শঙ্কৰিয়াৰ কটৰি জাৰি।
মই বিষ জাৰো জলে মন্ত্ৰে॥
আকাশত পানী নাই।
ফুঙ্ক দিলে বিষ নাই॥
বিষ বিৰ বুলি মই দিলো গেৰি।
বিষ গেল আকাশৰ ধনি॥
বিষ আছে ফন ফনন্তে ভন ভনন্তে।
ৰুধিৰ পানী খিৰ খিৰন্তে॥
চক্ষুই আখি চাইল বিষ।
ত্ৰিভুবনৰ সন্ধিৰ বিষ॥
ৰামৰ আজ্ঞাই কাক।
গুৰুৰ আজ্ঞাই কাক।
কালকুট বিষ টিপতে মাৰো॥
মেচান্দেৰি মেচান্দেৰি মেচান্দেৰি নাড়ি।
শৰীৰত বিষে কৰে অনেক ধৈমালি।
আদ বংশৰ পদ্মকুৱৰী হাতে মগাৰ খাৰু।
এক হাতে আছে খটাঙ্গ ডম্বৰু॥ .
এক হাতে আছে বিষৰ লাৰু।
বিষেৰ লাৰু লৈয়া মাৰে মনে মনে হাসে॥
অন্য ধৰ্ম্মে কি ফুল ফুলে সি ফুল গন্ধতে ভাষে।
পানী বসন্তি তৰুণি কাশে ভাঙ্গিল ঘুং॥