পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধৰণি মন্ত্ৰ ।

ধৰণি কটকট ধৰণি চাল।
মোৰ ধৰণিৰ উপৰ বিষ নাই আৰ ॥
নাযা ধৰণি নাযা জল।
বিষ নামি যা পাতালপুৰ॥
যেবে ছাৰি বিষ উপৰে যাস।
আই পদ্মকুমাৰীৰ মাথা খাস॥
ধৰণি বান্ধো ইঠা ধৰণি বান্ধো সিঠা।
ধৰণি বান্ধো চাল সূৰ্য্য দুই দেৱতা॥
মোৰ ধৰণিৰ উপৰে কৰস খাৱ।
আই পদ্মকুমাৰীৰ মাথা খাৱ॥
কোথি গেলা কোথি গেলা শংখৰ মাৱ।
শংখ বোলে খাইছে ভাগা দংশেৰ ৰাৱ॥
কি দংশিলা ৰূপক পহিল ৰাত্ৰি।
কোন কোন সপেঁ কাঢ়িলে ৰাৱ॥
ডাক দিয়া বোলে শংখেৰ মাৱ।
শংখে বোলে কৰিম কি।
দুই ঠাই আৰু কালকুট বিষ।
সৰ্পৰ মেজেলি সৰ্পৰ শ্ৰেষ্ঠা॥
কোন কোন সৰ্পৰ কোন কোন জাতি।
সৰ্পত বসিছি দাৰুণ কলি ৰাজা॥
এক ডেলি ফুল ফুলে দক্ষিণ আগে।
এক পাসি ফুল লাগে সাঠি সহস্ৰ নাগে॥