আচৰিতভাৱে, লিখিত সাহিত্যতো মহাদেৱে অসমীয়া জাতীয় বীৰ আসন-
খনিহে অধিকাৰ কৰিছে; সংস্কৃত সাহিত্যৰ মৰ্য্যদাত তেওঁক পৰৰ দৰে আঁতৰি
বহিবলৈ দিয়া হোৱা নাই। উদাহৰণ স্বৰূপে, “ভীম চৰিত’’ত অসমীয়া বেদ-
ব্যাস ৰাম-সৰস্বতীৰ হাতত হৰ-পাৰ্বতীৰ ঘৰুৱা জীৱনৰ যিখনি চিত্ৰ অঙ্কিত
হৈছে সি সৰ্বতোভাৱে অসমীয়া জাতীয় জীৱনৰ চিত্ৰ সন্দেহ নাই। হাস্যৰস-
পূৰ্ণ হলেও তেনে চিত্ৰতো মহাদেৱৰ মহান্ ত্যাগৰ আদৰ্শই ফুটি উঠিছে।
⸺⸺
আই নাম⸻তিৰুতাৰ তুতি-গীত
ধৰ্ম্মজগতৰ মহাপুৰুষসকলে প্ৰায় একেমুখে নামৰ মাহাত্ম্য প্ৰকাশ কৰি গৈছে। অসমীয়া মানুহৰ মুখত নাম নুগুচেই-খাওঁতে নাম, শোওঁতে নাম, উঠোঁতে নাম, বহোঁতে নাম! আকৌ, আই নাম, বিয়া নাম, ধাই নাম, গৰখীয়া নাম; আৰু কত কিনো নাম!! নামেৰেই ধৰ্ম্মপ্ৰাণ অসমীয়াই পৰমেশ্বৰৰ কৰুণাৰ ৰাজ্যত নিশাহ এৰে, উশাহ লয়। প্ৰেমিকে তেওঁৰ প্ৰিয়জনৰ উপচাৰৰ বৰ বাবে তিনিও ভুবন চালি-জাৰি চলাথ কৰিলে; তেওঁৰ যোগ্য হব পাৰে, পৃথিবীৰ এনে ভোগ্য বস্তুৰ বুজ লবলৈ ক'তো বাকী নাথাকিল। পাছে তাৰ কেলেই যদি এটি বস্তুকে ভাল লাগিলহেতেন!
পুষ্প দি পূজিলোহেতেন, ভ্ৰমৰে চুম্বিলে।
দুগ্ধ দি পূজিলোঁহেতেন, দামুৰিয়ে পিলে॥
ধন দি পূজিলোঁহেতেন, আপোনাৰে আছে।
জল দি পূজিলোঁহেতেন, বিতালিলে মাছে॥
সকলো পাৰ্থিযৱ বস্তুৱেই ইফালৰ পৰা নহয় সিফালৰ পৰা অপৱিত্ৰ,-“যেই বস্তু দিব খোজোঁ সেই বস্তু চুৱা।” আন নালাগে, নিজৰ মন বা চিতকে হেপাহেৰে উপহাৰ দিয়ে; কিন্তু সেইবোৰো যে সংসাৰত পৰি কলুষিত হৈ