পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শিৱ নাম—শৈৱ প্ৰভাৱৰ গীত
৭৩


‘শামুকৰ জনমে
“মোকে চূণ পুৰি
'দুই মুখে দাকি
“তেলেদি জৰাই
‘সৰিয়হ জনমে
“জবাব কুমলীয়া,
“এৰাওঁ এৰাওঁ বুলি

 

ধৰ, তই পাগলী,
খাৱ, তই পগলা,
পেলাৱ, পাগলী,
পেলাৱ, পগলা
ধৰ তই, পাগলী
পাত, অই পগলা,
এৰাব নোৱাৰোঁ,

 

তোকে চূণে পুৰি খাম৷’
দুই মুখে দাকি পেলাম৷’
তেলেদি জৰাই পেলাম৷’
সৰিয়হ জনমে ধৰিম।’
বেতৰি চেপা দি মাৰিম৷’
জৰাৰ কুমলীয়া পাত।
এইনো পগলাৰে হাত॥”

 অন্ততঃ জন-সাহিত্যত শিৱ সদায় ‘অসমীয়া সংস্কৰণত’ দেখা দিয়ে। “ন হি হৰি হৰাৎ পৃথক” বা “পুণ্য নাম যত বিষ্ণু-শিৱৰ। তাক ভেদ বুদ্ধি কৰে যি নৰ॥ সিজনো নামৰ দ্ৰোহী পৰম!” এই নামাপৰাধৰ ভয়ৰ বাবেই হবলা মৌখিক দিহা-নামত শিৱ বিষয়ক বহুত ঘোষা আছে :— (ভোগজৰা, ১৯২৮)

‘ধুমুৰ ধুমুৰ ঔ, খুন্দে ভাঙৰ গুড়ি।
নন্দীয়ে ভৃঙ্গীয়ে উৰাল মাৰে,
পাৰ্বতী আয়ে চালে-জাৰে;
ধুমুৰ, ধুমুৰ ঔ, খুন্দে ভাঙৰ গুড়ি॥’

“খায় ভাঙৰ গুৰি,
ভাঙৰ জালতে
“কি খাই পগলা
ৰাম নামে পগলা,
“শিৱ শিৱ শিৱ
“পাৰ্বতী সহিতে

 

নিতৌ তিনি গুলি,
নলয় ঘৰ-বাৰী,
হলা, মহাদেউ৷
হৰি নামে পগলা,
শিৱ ভোলানাথ,
ৰথে চলি যোৱাঁ

 

ছপুৰা ধতুৰাৰ গুটি৷
থাকে বৰষুণত তিতি৷’
কি খাই পগলা হলা৷
ভাঙ্ খাই পগলা হলা৷’’
শিৱ শিৱ শিৱ শিৱ৷
প্ৰাণীলৈ নাচোৱাঁ কিয়৷’’

“হৰ শিৱ শম্ভূ গৌৰীনাং৷ ৰুদ্ৰং পশুপতি ঈশানাং৷৷
“ডুপ্ ডুপ্ ডুপ্ বাজে ডম্বৰু৷ নাচে সদাশিৱ কল্পতৰু৷৷’’
“এ সদাশিৱ, তোমাৰ শিৰে জটা!
জগতক বৰ দিছা, আপুনি নাঙঠা॥’’
“এ শূলপাণি, ডম্বৰু ধৰিছা হাতে॥
শূলপাণি, গঙ্গাক নমাইছা মাথে॥’’