পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৬
অসমীয়া সাহিত্যৰ অধ্যয়ন


জ্যোতিষ-প্ৰকৰণ অসমীয়াৰ যাত্ৰাৰ সাৰথি :—

 “শী’ত সৰিয়হ 'মী'ত মাহ। শৰণত নাকাটে বেত বাঁহ ॥ ভাদৰ চাৰি আহিনৰ চাৰি। মাহি ব’বা যিমান পাৰি॥ শৰণ লাগিলে নাসাজি ঘৰ। অগ্নিৰ যত ধানৰ খৰ॥ আওঁসীৰ প্ৰতিপদ পূৰ্ণিমা ৰাতি। মাকৰ ঘৰলৈ নাযায় জী॥ হাঞ্চী জেঠী উজন্তি খালে। মিছা মাতে সৰ্ব্বটিকালে। যাওঁ কি নাযাওঁ কৰে মনত। যাত্ৰা কৰে শনিৰ ক্ষণত॥ দধি মধু ঘৃত শুক্ল তণ্ডুল। শুকুল চামৰ শুকুল ফুল॥ হংস দৈবজ্ঞ সুন্দৰী কন্যা। যাত্ৰাৰ কালত সকল ধন্যা॥ নাম অক্ষৰ দুই মাত্ৰ কৰি। নাম স্থিৰ কৰি পুৰুষ নাৰী॥ বেদে হৰি পাইব ভাগ। তেবে পাইব জীৱন-মৰণ লাগ ॥ শূন্য একে মৰে পতি। দুই পাইলে মৰে যুবতী॥ তিনি পাইলে উভয় মৰণ। ডাকৰ এই নিশ্চয় বচন॥ ৰোগীৰ অথাৰ গ্ৰহে গণিয়া। তিনি বাৰ লৈব সম কৰিয়া॥ বসু দিয়া তাক কৰিব ভাগ। জীৱন-মৰণ পাইব লাগ॥ চন্দ্ৰ-নেত্ৰে পাইব বাণ। যমৰ পুৰৰ বাহুৰি আন॥ ভূজ বেদ পাইব ছয়। দিনা পাঞ্চ বিলম্ব হয়। সপ্ত শুন্য পাইব যেৱে॥ ৰোগীৰ মৰণ কহয় তেৱে | আছন্তে বুদ্ধি কালে বিনাশিলে। নগা- জেঠিয়ে চুলি বান্ধিলে॥ সোম-শনিয়ে পূবে বাস। দুটি গলে এটি নাশ॥ উত্তৰে মঙ্গলে কৰিবা শঙ্কা। গাৰ লটি -ঘটি ভৰিবা টঙ্কা॥ হেঠ মুণ্ড পাৱ ওপৰ কৰি। জলৰ মধ্যত থাকিব মৰি॥ দক্ষিণে বুধে নাযায় শঙ্কা। গাৰ লটি-ঘটি ভৰিবা টঙ্কা॥’’

 বৰ্ষা-লক্ষণ খেতিয়কৰ চিৰ সহচৰ :—'আষাঢ়ৰ নৱমী শুক্ল পক্ষত। যদি নবৰিষে ভূমি তলত॥ হাল ভুনাইবে চিন্তিয়ো দেযৱ। ৰজাৰ গৃহত কৰিয়ো সেৱ॥ মাঘ মাসত ৰোহিণী নক্ষত্ৰ যদি নবৰষে দেৱ। হাল-তুল বেচি কৰ সৱলোক দেৱ মহাদেৱক সেৱ॥ মাঘত ৰৌদ্ৰ বৈশাখত শীত। চাৰি মাহ অল্প বৃষ্টি ভূমিত। মাঘ মাসত বৰিষে পানী। তেৱে অল্প বৃষ্টি আগলৈ জানি॥ উদয়ে সিন্দুৰ পছিমে কাল। তেবেসে হৈব বৰিষণ ভাল॥ আকাশত ভালে পানীৰ গছা। পৃথিবী বুৰাব জানিবা সঞ্চা॥”

 খেতি-বৰ্ণন অসমীয়া খেতি-বিজ্ঞান স্বৰূপ :—

 ‘ডাকে বোলে বাপু শুনা উপায়। বাণিজ্যৰ ফল কৃষিতে পায়। যি নৰে সদা কৃষিক কৰে। বেহাৰ ফল পাইব ঘৰে॥ সোণা-ৰূপ কিবা কৰি।