পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৪
অসমীয়া সাহিত্যৰ অধ্যয়ন


কৰি নাহি শ্ৰেষ্ঠ যে আন। সোণাৰ তুল্য কন্যাৰ দান। তাকে বোগে তাৰ স্বৰ্গেসে স্থান॥ দধি-দুগ্ধ দেই অন্ন বিপুল। ঔষধ দানত নাহিকে তুল॥ ডাকে বোলে জানা সেহিসে সাৰ। আপুনি মৰিলে কি কৰে আৰ।”

 নীতি-প্ৰকৰণ কেইটিমান সাৰুৱা বচন :—

 “ৰন্ধন শালত নাবাজে পটা। স্নান অৱসৰে নভৈল ফোঁটা॥ শীতকালে যাৰ নভৈল বস্ত্ৰ। যুদ্ধ সময়ত ঢুকাইল অস্ত্ৰ॥ যজ্ঞ অৱসানে নাই দক্ষিণা?। বোলন্ত ডাকে পাঞ্চো বিড়ম্বনা॥ উৰুষা ঘৰত বাৰিষা থাকে। যুবতী কন্যাক বাপেকে ৰাখে॥ অতি বৰ গ্ৰাসে খাৱয় ভাত। ধৰুৱা গৃহস্থক নিদিয়ে মাত॥ চোৰ এৰে, কৰে খং। ই তিনি জানিবা ভঙ্। নিস্ফল জীৱন নিতে লোৰে খৰি। নিস্ফল জীৱন ধৰুৱা নিয়ে ধৰি। নিস্ফল জীৱন পৰত কৰে আশ। নিষ্ফল জীৱন খণ্ড প্ৰবাস। অকাৰ্য্যত ফুৰে ৰাতি। জুইকাষত বান্ধে গাটী॥ টুলুঙা নাৱৰ ওপৰে ভৰা। বোলন্ত ডাকে তিনিও মৰা॥”

 ৰাজনীতি-প্ৰকৰণৰ কেইটিমান কথা :—

 “ৰাজাক চিনিবা দানত। ঘোৰাক চিনিবা কাণত॥ খুড়ক চিনিবা শানত। তিৰীক চিনিবা স্নানত॥ বৈদ্য হুয়া মৰে আপুনি বিষে। নৃপতি হুই প্ৰজাক হিংসে। শিৰে নৰন্দে মাধৱৰ পাৱ (?)। সবে বিড়ম্বনা জানিবা মাৱ।"

 বচন-প্ৰকৰণৰ সাৰুৱা বচন :—

 “উশাস দীৰ্ঘে দিবা ফুই। তেহে চাবা জুইৰ মুই॥ চাউল দিবা যতেক ততেক। পানী দিবা তিনি তেতেক॥ যেৱে দেখা নিসিজে চাউল। তেবে বুলিবা ডাকক বাউল॥ পকা তেতেলী বুঢ়া বৰালী। বিস্তৰ কৰিয়া দিবাহা জ্বালি॥ কাঢ়ি থৈয়া দিবা টেঙা জোল। খাইবাৰ বেলা মুণ্ড নোতোল ॥ বেলপাত্ৰ ঘিলা, গমাৰি পাতলা, গমিয়ৰি মূল পাই। কোৱাথ কৰিয়া, সলিল ভুঞ্জিয়া, কফ-বাত কৰ ঠাই॥ অষ্টাদশ মূল চপাই আনি। যথাৱতে লৈব কোৱাথ পানী॥ আক খাইলে যেৱে নুগুচে জ্বৰ। ডাকে বোলে তেবে আমি পামৰ॥ মাংসত মাংস বাঢ়ে ঘৃতত বাঢ়ে বল। দুগ্ধত চন্দ্ৰ বাঢ়ে, শাকত বাঢ়ে মল॥”

 গৃহিণী-লক্ষণৰ সাৰ কথা কেইটিমান:—

 “শুদ্ধভাৱে শুদ্ধ বংশে উৎপত্তি। পতি-পদ বিনে নাই আন মতি॥ মধুৰ বচন বোলে সদায়। স্বামীৰ বচন কিন্তু নেপেলায়॥ সম সৰু দন্ত লাৱণ্য সম সন্তু লাহণ