দেসিল বঅনা সৱজন মিট্ থা।
তৎ তৈসন জম্পও অৱহট্ ঠা॥
ভৃংগী পুচ্ছই ভিংগ সুন কী সংসাৰেহি সাৰ।
মানিনি জীৱন মানসও বীৰ পুৰুষ অৱতাৰ॥” (কীৰ্তিলতা)
ভাঙনি : সংস্কৃত বাণী বুদ্ধজনেহে ভাবে। প্ৰাকৃত ৰসৰ মৰ্ম কোনেও নপাৱে॥ দেশীয় বচন সৰ্বজনে ( পায়) মিঠা। সেইহে জঁপিলোঁ মই অৱহথা॥ ভৃংগীয়ে পুছিছে, শুনা কিনো সংসাৰ-সাৰ। মানিনীৰ মানৰ জীৱন বীৰ পুৰুষ অন্নতাৰ। (অন্নহট্ থা অপভ্ৰংশৰ এটা বিশিষ্ট ৰূপ)।
বপ্পীহা পিউ পিউ ভণৰি কিত্তিউ কঅহি হয়াস।
তুহ জলি মহু পুণু বল্লহই বিহুঁ ন পূৰিঅ আস॥”
ভাঙনিঃ “চাতক হে, পিওঁ পিওঁ ভণি কত কান্দিবা হতাশ? তোৰ পানী, মোৰ প্ৰিয়, বিভূৱে যে নুপূৰায় আশ॥’’
“পিয়সংগমি কউ নিদ্দভী পিঅহো পৰোক্ ওহো কেম্ব।
মই বিন্নি বি বিন্নাসিআ নিদ্দ ন এম্ব ন তেম্ব॥
ভাঙনিঃ “প্ৰিয়-সংগমত নিদ্ৰা ক’ত? প্ৰিয়-পৰোক্ষত আহে নিদ্ৰা কেনেকই? মই যে বিনিদ্ৰা উভয়ত, প্ৰিয় হেতু, এনেকই বা তেনেকই।’’
“জে মহু দিন্না দিঅহডতা দই এং পৰসন্তেণ।
তেনে গণন্তিএ অংগুলিউ জজ্জৰি আউ নহেণ॥’’
ভাঙনিঃ মোক ঘূৰি অহা যিদিনৰ দিহা দিছিল যাওঁতে প্ৰবাসলই। তাকেই গণোতে নখে যে আঙুলি জৰ্জৰিত মোৰ কৰিলে অই।”
⸺⸺