নিন্দা কৰি বৌদ্ধ যোগ-সাধনত গুৰুত্ব দিছে। আন এটি গীতত তেনেকৈ মনক
তৰুৰে তুলনা কৰিছে।
৪৫। ৰাগ মল্লাৰী—কাহ্নু পাদানাম
মন তক পাঞ্চ ইন্দি তসু সাহা।
আসা বহল পাত ফল বাহা॥
বৰ গুৰু বঅণ কুঠাৰে ছিজঅ।
কাহ্নু ভণই তৰু পূণ ন উইজঅ॥
বাঢ়ই সো তৰু সুভাসুভ পানী।
ছেৱই বিদুজন গুৰু পৰিমাণী॥
জো তৰু ছেব ভেব উন জানই।
সড়ি পড়িআঁ ৰে মুঢ় তা ভৱ মাণই॥
সুণ তৰুবৰ গঅণ কুঠাৰ।
ছেৱহ সো মূল ন ডাল॥
ভাঙনি : ‘মন তৰু, পঞ্চ ইন্দ্ৰিয় তাৰ শাখা। আশা বহল পাত, ফল বাসা (বাসনা)॥ বজ্ৰ (যান ) গুৰুৰ বচন (ৰূপ) কুঠাৰে ছেৱিব। কানুৱে ভণে, তৰু পুনু নুপজিব॥ বাঢ়ে সেই তৰু (পাই) শুভাশুভ পানী। ছেৱয় বিদ্বৎজনে গুৰু পৰিমাণি॥ যেয়ে তৰু ছেৱ=ভেৱ একো নজানয়। সৰি পৰি সেই মুঢ়ে ই ভৱ মানয়॥ শূন্য ( হ’ল ) তৰুবৰ, গগন (শূন্যবাদ- জ্ঞান) কুঠাৰ। ছেৱাঁ সেই তৰু, নাৰাখিবা মূল-ডাল॥
অপভ্ৰংশ অন্যতম নিদৰ্শন ৰূপে (শ্ৰীবিৰিঞ্চি কুমাৰ বৰুৱাৰ “অসমীয়া ভাষা আৰু সংস্কৃতি’’ৰ পৰা) কেইটিমান বিতোপন কবিতা তুমি আমাৰ ভাঙনিৰে এই প্ৰসঙ্গৰ সামৰণি মৰা হ’ল :
“সক্কয় বাণী বুহঅন ভাবই।
পাউঅ ৰস কো মন্মন পাৱই॥